চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজঃনিৰাপত্তা নিশ্চিত কৰক৷

নিউজ ডেস্ক PR NEWS ASSAM ঃ

হোজাই জিলাৰ অন্তৰ্গত ফুলতলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক কৰা নিৰ্মম আক্ৰমণৰ বিৰুদ্ধে আজি অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ জ্যেষ্ঠ-কনিষ্ঠ চিকিৎসকৰ। এ এম চিৰ বহিঃবিভাগৰ চৌহদত মৌন প্ৰতিবাদেৰে গৰিহণা চিকিৎসকৰ। নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসকৰ ওপৰত হোৱা এই আক্ৰমনত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী তোলে ৰাজ্য চৰকাৰৰ ওচৰত ৷ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত ২৪ অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰিছে বুলি জানিব পৰা গৈছে৷ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত যোৱা নিশাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷