নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰিৰ নাট্য মন্দিৰ প্ৰাংগণত নাজিৰা ৰাজহ চক্ৰ পৰ্যায়ৰ ক’ভিড-১৯ ব্যৱস্থাপনা আৰু পৰিস্থিতিৰ সন্দৰ্ভত এখনি পৰ্যালোচনা বৈঠক সম্পন্ন কৰা হয়। আজিৰ সভাত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, নাজিৰা মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপ, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱ জ্যোতি মাউত , নিৰ্বাচনী বিষয়া সুজাতা গগৈ, মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰ, মহকুমা তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্ত, আঞ্চলিক পঞ্চায়তৰ সভাপতি ফাইজুৰ ৰহমান, কʼভিড নডেল বিষয়া প্ৰদ্যুৎ কোঁৱৰ, জন স্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা ৰাজেন ফুকন, শিশু উন্নয়ন প্ৰকল্প বিষয়া জ্যোতি বিকাশ দত্ত, ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰা, বিশিষ্ট সমাজ কৰ্মী ময়ুৰ বৰগোহাঁইৰ লগতে পঞ্চায়তৰ সভাপতি/ সভানেত্ৰী তথা সচিব সকল, আশা চুপাৰভাইজাৰ তথা আশা কৰ্মীৰ প্ৰতিনিধি, অংগণবাদী কৰ্মীৰ প্ৰতিনিধি, গাওঁবুঢ়াৰ প্ৰতিনিধি, চাহ বাগিছাৰ কৰ্তৃপক্ষৰ প্ৰতিনিধি আদি উপস্থিত থাকে । উক্ত পৰ্যালোচনা সভা আঁত ধৰে নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া শান্তনু গগৈয়ে । শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই পোন প্ৰথমে কʼভিড চিকিৎসালয় তথা কʼভিড কেয়াৰ চেণ্টাৰসমূহত উপলব্ধ আন্ত গাঁথনি আৰু অন্যান্য সা – সুবিধাসমূহৰ বিষয়ে উপস্থিত সকলোকে অৱগত কৰায় । গাওঁ বুঢ়া প্ৰতিনিধি সকলক উদ্দেশ্যি তেওঁ কয় যে, “প্রত্যেক গৰাকী গাওঁবুঢ়াৰ কʼভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যক্তিগত দায়িত্ব আছে। যদি কোনো লোকৰ শৰীৰত কʼভিডৰ লক্ষণ যেনে জ্বৰ, কাঁহ , গাঁঠিৰ বিষ, ডায়েৰিয়া আদিয়ে দেখা দিয়ে তেন্তে তেনে লোকক তাৎক্ষণিক ভাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা উচিত । গৃহপৃথকীকৰণত থকা ৰোগীসকলে স্বাস্থ্য বিভাগে জাৰি কৰা নিয়মাৱলী সমূহ কঠোৰ ভাৱে পালন কৰিলেহে সামাজিক সংক্ৰমণ ৰোধ কৰিব পৰা যাব।” ইতিমধ্যে নাজিৰা মহকুমাত ৩০ মে পৰ্য্যন্ত ২৩,৭৮১ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে, ক’ভিড-১৯ ত আক্ৰান্ত সৰ্বমুঠ সংখ্যা হৈছে ৭৮৮, ইয়াৰে শক্ৰীয় সংখ্যা হৈছে ২৯১, গৃহ পৃথকীকৰণত আছে ৫১ জন লোক আৰু ১৫০৬২ গৰাকী ব্যক্তিক ক’ভিড প্ৰতিষেধক দিয়া হৈছে। সাংসদ তপন কুমাৰ গগৈয়ে সভাত উপস্থিত সকলোকে আদৰণি জনাই কয় যে , “কʼভিডক প্ৰতিহত কৰিবলৈ প্ৰধান আৰু প্ৰমুখ অস্ত্ৰ হৈছে সজাগতা আৰু সচেতনতা । পঞ্চায়তৰ সভাপতি আৰু সভানেত্ৰী সকলৰ প্ৰধান কৰ্তব্য হৈছে তেওঁলোকৰ নিজ নিজ এলেকাৰ কʼভিডৰ তথ্য সমূহ নিজৰ হাতত মজুত ৰখা । তেওঁলোকে সময়ে সময়ে অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া, পুলিচ প্ৰশাসন আৰু চিকিৎসকসকলৰ সৈতে যোগাযোগত থাকিব লাগিব। তদুপৰি পঞ্চায়ত এলেকাত নিয়মীয়াকৈ চেনিটাইজেচন ব্যৱস্থা কৰা হৈছে নে নাই সেই বিষয়েও নজৰ দিব লাগিব। তৃণমূল পৰ্য্যায়ত সজাগতা কৰিলেহে মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যাব। ” পৰ্যালোচনাৰ অন্তত নৱ নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে সভাত উপস্থিত সকলো ৰাইজক অসম চৰকাৰৰ ক’ভিড সম্বন্ধীয় নীতি নিৰ্দেশনা সমূহ সম্পূৰ্ণ ৰূপে মানি চলিবলৈ আহ্বান জনায় আৰু লগতে সকলো পক্ষৰ ৰাইজৰ পৰা সহযোগিতা কামনা কৰে৷
*তৃণমূল পৰ্য্যায়ত সজাগতাৰ সৃষ্টিয়ে ক’ভিডত মৃত্যুৰ হাৰ হ্ৰাস কৰিব – সাংসদ তপন কুমাৰ গগৈ*ঃক’ভিড ১৯ সম্পৰ্কীয় পৰ্যালোচনা বৈঠক সম্পন্ন*
