শিৱসাগৰ উপায়ুক্তৰ নাজিৰাৰ ম’দিনগৰস্থিত ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন৷

PR NEWS ASSAM নাজিৰা ২৬ মে’:  ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আৰু ক’ভিড কেয়াৰ চেণ্টাৰ তথা ক’ভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসাসেৱাৰ বুজ লবলৈ শিৱসাগৰ জিলাৰ উপায়ুক্ত শ্ৰীযুত বিষ্ণু কমল বৰাই কালি নাজিৰা মহকুমাৰ ম’দিনগৰ চাহ বাগান স্থিত ক’ভিড কেয়াৰ চেণ্টাৰ পৰিভ্ৰমণ কৰে।  প্ৰত্যেক গৰাকী ক’ভিড চেণ্টাৰৰ ক’ভিড ৰোগী তথা কনটেনমেন্ত জ’নত থকা লোক সকলে সময় মতে আৰু প্ৰয়োজন সাপেক্ষে যাৱতীয় সা সুবিধা লাভ কৰাৰ ওপৰত তেখেতে গুৰুত্ব আৰূপ কৰে। উপায়ুক্ত মহোদয়ে ম’দিনগৰ চাহ বাগান স্থিত ক’ভিড কেয়াৰ চেণ্টাৰৰ চিকিৎসক তথা  ক’ভিড ৰোগী সকলৰ লগত মত বিনিময় কৰে। ক’ভিড ৰোগী সকলক প্ৰতিদিনে কি খাদ্য দিয়া হৈছে আৰু সেই খাদ্য কিমান পুষ্টিকৰ তাৰ বিষয়ে ও তেওঁ বুজ লয়। তেওঁ কয় যে: “নাজিৰাৰ ক’ভিড কেয়াৰ চেণ্টাৰ ভ্ৰমণ কৰাৰ মোৰ মূল উদ্দেশ্য হৈছে ৰোগী সকলৰ পৰিস্থিতিৰ বুজ লোৱা। ইয়াত সকলো যাৱতীয় ব্যৱস্থা আছে যদিও মই প্ৰশাসনিক বিষয়া সকলক নিৰ্দেশ দিছোঁ যাতে তেওঁলোক সকলো সময়তে তৎপৰ হৈ থাকে৷চাহ বাগিছাৰ শ্ৰমিকৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে উপায়ুক্ত মহোদয়ে কৰ্মীসকলক ক’ভিড ৰোগক গুৰুত্বসহকাৰে লৈ সকলো প্ৰতিৰোধমূলক নিয়ম যেনে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখা ইত্যাদি কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায় ।উপায়ুক্ত বিষ্ণু কমল বৰাৰ উক্ত ভ্ৰমণসূচীত উপস্থিত থাকে  নাজিৰাৰ চক্ৰ বিষয়া শান্তনু গগৈ, নিৰ্বাচনী বিষয়া সুজাতা গগৈ আৰু সহকাৰী আয়ুক্ত তন্ময় চেতিয়া।