PR NEWS ASSAM নাজিৰা ঃঃ অত্যাৱশ্যকীয় সেৱা ৰন্ধন গেছৰ পাইপ লাইনত যোৱা কালিৰে পৰা বিজুতি হোৱাত নাজিৰা কলেজ তিনিআলিৰ পৰা বৃহত্তৰ বুদবাৰী,চানবছা,লিকচন গাওঁ আদিকে ধৰি অঞ্চলত হঠাৎ ৰন্ধন গেছ সৰবৰাহ বন্ধ হোৱাত ৰাইজ এক আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰিছে৷দিনৰ ভাগত ৰাতিৰ ভাগত পৰৱৰ্তী দিনৰ ভাগত গেছৰ অভাৱে গ্ৰাহকক জ্বলা -কলা খুৱাইছে৷অত্যাৱশ্যকীয় সেৱা যোগানৰ ক্ষেত্ৰত বিভাগীয় কতৃপক্ষৰ মেৰামতিৰ বাবে যি তৎপৰতা দেখিব লাগিছিল তাক দেখা পোৱা ন’গল৷মাহেকৰ বিলৰ নামত এদিন বিলম্ব হ’লেই গ্ৰাহকৰ পৰা অতিৰিক্ত পলম মাচুল বিশ টকা আদায় লয় আৰু কেতিয়াবা কতৃপক্ষই সময়মতে বিল গ্ৰাহকক দিব নোৱাৰি একেলগে দুমাহৰ বিল দি অতিৰিক্ত পলম মাচুল আদায় কৰাটো কুণ্ঠাবোধ নকৰে৷এনে পৰিস্থিতিত গ্ৰাহক এতিয়া পণবন্দী হৈ পৰিছে,বিভাগীয় কতৃপক্ষৰ অৱহেলাত ৷প্ৰতিবেদক,পংকজ মহন্ত,9957209708
নাজিৰাত ৰন্ধন পাইপ গেছ লাইনত বিজুতি,জ্বলা-কলাত গ্ৰাহক৷
