PR NEWS ASSAM যোৰহাটঃ
মহামাৰী ক’ৰনাই উত্তৰ যোৰহাটৰ ৰংদৈ দ গাঁও অঞ্চলৰ এটি পৰিয়ালৰ তিনি সন্তানক অনাথ কৰিলে।কৰ্কট ৰোগত মাত্ৰ দুমাহৰ আগতে পিতৃক হেৰুৱা পৰিয়ালটোৰ মাতৃগৰাকীৰো কালি ক’ৰনাত শোকাবহভাৱে মৃত্যু হয়। জানিব পৰা মতে তিনি সন্তানৰ দ্বিতীয়গৰাকী কন্যাও কৰ’নাত আক্ৰান্ত।উল্লেখ্য, জোন শইকীয়া (৩৭) নামৰ মাতৃগৰাকীৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তেওঁৰ মৃতদেহ গড়মূৰ শ্মশানত সৎকাৰ কৰে।স্মতব্য, মহিলাগৰাকীৰ স্বামী গনেশ শইকীয়াৰ দুমাহ পূৰ্বে দুৰাৰোগ্য ৰোগত মৃত্যু হৈছিল ।কৰ’নাই পিতৃ-মাতৃহীন তিনিটা সন্তানৰ জীৱনলৈ এতিয়া গভীৰ অমানিশা নমাই আনিলে।পৰিয়ালটোৰ জ্যেষ্ঠ কন্যা বিগত বছৰত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীন হৈছিল,দ্বিতীয় কন্যা নৱম শ্ৰেণীত অধ্যায়নৰত আৰু পুত্ৰ পঞ্চম শ্ৰেণীত পঢ়ি আছে।আর্থিকভাৱে অতি দুৰ্বল পৰিয়ালটো পিতৃৰ চিকিৎসা কৰোতেই জুৰুলা হ’ল।মাতৃগৰাকীৰো মৃত্যু হোৱাত এতিয়া নিথৰুৱা হৈ পৰিল।সমাজৰ হৃদয়বানজনে এতিয়া পৰিয়ালটোক সহায় কৰাটো ৰাইজে কামনা কৰিছে।