বিষয়া – কৰ্মচাৰীক মহকুমাধিপতিৰ ধন্যবাদ৷
নাজিৰা, ৪ মে : ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ ভোট গণনা ২মে তাৰিখে সফলতাৰে সমাপ্ত হৈ যায়। নাজিৰাৰ জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি লখিমী দত্তই ভোট গণনাৰ সৈতে জড়িতসসকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰি কয়- ” আমাৰ কাৰিকৰী বিজুতিৰ ফলত হোৱা দুই এক সৰু-সুৰা সমস্যাৰ বাহিৰে আন কোনোধৰণৰ জটিল সমস্যাৰ সন্মুখীন আমি হোৱা নাই আৰু সকলো বিষয়া- কৰ্মচাৰীৰ সহযোগত ভোট গণনা সফলতাৰে সম্পন্ন কৰিলোঁ। এইক্ষেত্ৰত মই গণনা নিৰীক্ষক, গণনা সহায়ক, মাইক্ৰো অবজাৰ্ভাৰ বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ লগতে পুলিচ প্ৰশাসন, সংবাদ মাধ্যম, স্বাস্থ্য বিভাগ তথা ষ্ট্ৰংৰূমৰ সুৰক্ষা কৰ্মী আদি সকলো দায়িত্ববাহী বিষয়া, কৰ্মীসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।” নিৰ্বাচন পৰ্যবেক্ষক ড° পাৰ্থ সাৰথি মিশ্ৰইও সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থী, প্ৰশাসনিক বিষয়া কৰ্মচাৰী, ভোট গণনাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক প্ৰশংসা কৰি কয় যে “প্ৰথমবাৰৰ বাবে অসমলৈ আহি অসমীয়া মানুহৰ সান্নিধ্য লাভ কৰিছোঁ যদিও যোৱা কেইটামান দিনৰ ভিতৰতে অসমীয়াৰ কৰ্ম দক্ষতা, ধৈর্য, কামৰ প্ৰতি দায়িত্ববদ্ধতা, সময়ানুবৰ্তিতা, কামৰ প্ৰতি স্পৃহা অনুভৱ কৰিব পাৰিছোঁ, যাৰ বাবে ভোট গণনাও নিয়াৰিকৈ সম্পাদিত হ’ল।” মহকুমাধিপতি লখিমী দত্তৰ কথা উল্লেখ কৰি তেওঁ কয় যে মহকুমাধিপতি গৰাকীৰ সুদক্ষ নেতৃত্বত ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো সুন্দৰকৈ, সুশৃংখল তথা শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। ভোট গণনাৰ অন্তত নাজিৰা মহকুমা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনিত মহকুমাধিপতি লখিমী দত্ত, নিৰ্বাচন পৰ্যবেক্ষক ড° পাৰ্থ সাৰথি মিশ্ৰই ৰাজহুৱাভাৱে সকলোকে বিষয়া কৰ্মচাৰীক ধন্যবাদ জনায়।