১০৪ নং নাজিৰা সমষ্টিৰ বাবে অহা ২ মে’ত হ’বলগীয়া ভোটগণনাৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । অতিৰিক্ত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লখিমী দত্তয়ে কয়, “আমি আশাবাদী যে ভোট গণনাৰ দিনা ক’ভিডৰ স্বাস্থ্য বিধিসমূহ কঠোৰ ভাৱে পালন কৰাৰ লগতে ভোটগ্ৰহণৰ দৰে ভোটগণনাও শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হ’ব”। তেওঁ কয় যে ভোটগণনা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ৩০ এপ্ৰিলৰ ভিতৰত ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে । লগতে ভোটগননা কেন্দ্ৰসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে, লগতে তেওঁ ভোটগননা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । উল্লেখযোগ্য যে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ কোঠা নং ২০৮ আৰু ২০৩ ত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে । সেইদিনা ২টা ভোটগণনা কক্ষত ৭ খনকৈ সৰ্বমুঠ ১৪ খন টেবুলত ভোটগণনা কৰা হ’ব । পষ্টেল বেলট ভোটগণনাৰ বাবে ২খনকৈ অতিৰিক্ত টেবুল, লগতে ই টি পি বি এছ ৰ ভোটগণনাৰ বাবে ১ খন টেবুল থাকিব। দুয়োটা কক্ষত ৭ খনকৈ টেবুলত ভোটগননা কৰা হ’ব । ভোটগননা কক্ষত পুৱা ৭ বজাৰ ভিতৰত সকলো ভোটগণনাকাৰী বিষয়া- কৰ্মচাৰী প্ৰৱেশ কৰিব লাগিব । ভোটগণনাৰ বাবে পৰ্য্যাপ্তভাৱে ২৮ গৰাকী ভোটগণনা চুপাৰভাইজৰ, ২৮ গৰাকী ভোটগননা সহকাৰী আৰু ২৮ গৰাকী মাইক্ৰ’ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকক তিনিটা পৰ্য্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হয় । স্মৰ্তব্য যে যোৱা ইং২৭ মাৰ্চত প্ৰথম পৰ্যায়ত নাজিৰা নিৰ্বাচন জিলাৰ বাবে হোৱা ভোটগ্ৰহনত ই ভি এম সমূহ মহকুমাধিপতি কাৰ্যালয়ৰ ষ্ট্ৰং ৰুমত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে । নাজিৰা নিৰ্বাচন জিলাত এইবাৰৰ নিৰ্বাচনত ৮১.৭৩ শতাংশ ভোটদান হৈছিল ।ভোট গণনা প্ৰক্ৰিয়া যাতে সুুুকলমে সম্পন্ন হয় তাৰ বাবে নিৰ্বাচনী বিষয়া সুজাতা গগৈয়ে সকলো সাংবাদিক তথা ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিছে।
*নাজিৰা নিৰ্বাচন জিলাত ভোটগণনাৰ বাবে সাজু প্ৰশাসন* *২টা ভোটগণনা কক্ষত ৭ খনকৈ সৰ্বমুঠ ১৪ খন টেবুলত হ’ব গণনা*
