নাজিৰাত সান্ধ্য আইন জাৰি*

*নাজিৰাত সান্ধ্য আইন জাৰি ৷কঠোৰ আৰক্ষী-প্ৰশাসন

ৰাজ্যখনত ক’ৰোনা ৰোগীৰ সংখ্যা ক্ৰমাগত ভাৱে বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আজিৰে পৰা কাৰ্য্যকৰী হোৱাকৈ অহা এক মে’লৈ সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন জাৰী কৰিছে।  এই সময়ছোৱাত সকলো ধৰণৰ লোকৰ যাতায়াত বা ৰাজহুৱা স্থানত চলাচল সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে। অৱশ্যে জৰুৰী বা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী, ন্যায়িক সেৱাৰ বিষয়া, চিকিৎসক আৰু চিকিৎসা কৰ্মী, চিকিৎসালয়লৈ যাব লগীয়া ৰোগী বা গৰ্ভৱতী মহিলা, বৰ্হিঃ ৰাজ্যৰ পৰা বাছ, ৰেল বা বিমান যোগে অহা যাত্ৰী, কৰ্ত্তব্যৰত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক, বেংক তথা বীমা কৰ্মচাৰী আদিৰ লগতে অত্যাৱশ্যকীয় জৰুৰী সেৱাত জড়িত ব্যক্তি সকলক ৰেহাই দিয়া হৈছে।  তদুপৰি পেট্ৰ’ল পাম্প, ফাৰ্মাচী আদিকো সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে।  জনস্বাৰ্থৰ খাতিৰত জাৰি কৰা এই নৈশ সান্ধ্য আইনৰ নিৰ্দেশ মানি চলিবলৈ  সকলোকে ইয়াৰ দ্বাৰা নাজিৰা প্ৰশাসনৰ তৰফৰ পৰা মহকুমাধিপতি   লখিমী দত্তই আহ্বান জনাইছে।  এই নিৰ্দেশনা সমূহ অমান্য কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ  ৫১ ৰ পৰা ৬০ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধি ১৮৮ ধাৰাৰ অধীনত শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।*নাজিৰাৰ ক’ভিদ সম্বন্ধীয় তথ্য*  নাজিৰাত আজি পুনৰ ক’ভিদ ১৯ আক্ৰান্ত হৈছে ৭ জন ব্যক্তি।বৰ্তমান নাজিৰা মহকুমাত ক’ভিদ আক্ৰান্ত সংখ্যা সৰ্বমুঠ হ’ল ১০৯ জন।আজি নাজিৰাত ক’ভিদ পৰীক্ষণ কৰা ব্যক্তি সংখ্যা ৫০৫ জন RAT  আৰু ১৩২ জন RT PCR।