নাজিৰা মহকুমাৰ গাওঁবুঢ়া সন্থাৰ অভিনৱ পদক্ষেপ৷


নাজিৰা মহকুমা গাঁওবুঢ়া সন্থাৰ উদ্যোগত নাজিৰা মহকুমা গাওঁবুঢ়া কাৰ্যালয়ত এখনি  কেলেণ্ডাৰ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। এই সভাত নাজিৰা চক্ৰৰ অধীনত থকা ১২৬খন গাওঁৰ ৭৯ জন গাওঁবুঢ়া  উপস্থিত থাকে। লগতে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে  নাজিৰাৰ মহকুমাধিপতি লখিমী দত্ত, ৰাজহ চক্ৰ বিষয়া শান্তনু গগৈ, তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্ত, নাজিৰাৰ ৰাজহ চক্ৰৰ এছ কে পদ্মেশ্বৰ বুঢ়াগোহাঁইয়ে । পোনপ্ৰথমে সভাপতি হেমন্ত মোহনে অসমৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত অনুষ্ঠিত কৰা কেলেণ্ডাৰ উন্মোচনী সভালৈ সকলোকে আদৰণি জনায়। সম্পাদক আজিযুৰ ৰহমানে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰা সকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰি ব্যক্ত কৰে যে এই কেলেণ্ডাৰ উন্মোচনী কাৰ্য নাজিৰা মহকুমা গাওঁবুঢ়া সন্থাৰ এক অভিনৱ পদক্ষেপ। লগতে অসমৰ ভিতৰত প্ৰথম বাৰৰ বাবে উন্মোচন হোৱা এই কেলেণ্ডাৰৰ কথা উল্লেখ কৰি তেখেতে  গাওঁবুঢ়া সকলৰ চৰকাৰী কাৰ্যালয়ত গুৰুত্বৰ কথা স্পষ্ট কৰে। তেওঁ কয় যে যিদৰে ৰাজহ চক্ৰ পৰ্য্যায়ত ৰাজহ চক্ৰ বিষয়া জন আৰু খণ্ড পৰ্য্যায়ত খণ্ড উন্নয়ন বিষয়া জনৰ ভূমিকা গুৰুত্বপূৰ্ণ, ঠিক তেনে দৰে তৃণমূল পৰ্য্যায়ত গাওঁবুঢ়া সকলৰ ভূমিকা অত্যন্ত আৱশ্যকীয়; কিয়নো অনেক প্ৰত্যাহ্বানৰ মাজেৰে গাওঁবুঢ়া সকলে দায়িত্ব সহকাৰে নিজৰ কৰ্ম কৰিব লগীয়া হয়। এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ যেনে গাওঁবুঢ়া সকলক স্মাৰ্টফোন প্ৰদান কৰাৰ দৰে কাৰ্য্যই এক ইতিবাচক  প্ৰভাৱ পেলায় বুলি তেখেতে মতপোষণ কৰে। মহোদয়া গৰাকীয়ে উল্লেখ কৰে যে গাওঁবুঢ়াৰ অস্তিত্বৰ অবিহনে চক্ৰ বিষয়াৰ কাৰ্যালয় সম্পূৰ্ণ  নহয়। গতিকে তেওঁ সকলো গাওঁবুঢ়াক উদ্দেশ্য কৰি বিভিন্ন প্ৰতিবেদন যেনে মাটিৰ পট্টাৰ তথ্য , ভূমি ম্যাদিকৰণৰ তথ্য , ৰাজহ সংগ্ৰহৰ তথ্য আদি শুদ্ধ আৰু সম্পূৰ্ণ ৰূপে যুগুতাই  প্ৰশাসনক জমা দিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও তেখেতে গাওঁবুঢ়াৰ কাৰ্যালয় স্থাপন কৰিবলৈ পৰ্যায়ক্ৰমে সাংসদ পূঁজি, বিধায়ক পূঁজি, অ এন জি চি পূঁজি আদিৰ সহায় কিদৰে ল’ব পাৰিব সেই বিষয়েও সন্থাক অৱগত কৰে। অৱশেষত ১০৪ নং নাজিৰা সমষ্টিৰ সদ্যসমাপ্ত নিৰ্বাচনী প্ৰক্ৰিয়াত গাওঁবুঢ়া সন্থাৰ আশাপ্ৰদ সঁহাৰিৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।