ৰিবুলয়া গগৈৰ মনোনয়ন শুদ্ধ ৷ নাকচ হোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন৷

অসম জাতীয় পৰিষদৰ ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰিবুলয়া গগৈৰ প্ৰাৰ্থীত্ব নাকচ হোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি জানিব পৰা গৈছে৷দুটা ব্যক্তিগত মালিকানাধীন ইলেক্ট্ৰনিক মিডিয়াই বাৰম্বাৰ মিছা সংবাদ পৰিবেশনৰে প্ৰাৰ্থী গৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ লগতে ৰাজনৈতিক বাতাবৰণ নষ্ট কৰাৰ প্ৰয়াস চলাইছে আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি প্ৰাৰ্থীগৰাকীয়ে ব্যক্ত কৰিছে৷