চৰাইদেউত ভোটাৰ সজাগতাৰ বাবে বিশেষ বাহন মুকলি৷

চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পলাশ ৰঞ্জন ঘৰফলীয়াই আজি উপায়ুক্ত কাৰ্যালয় প্ৰাংগনত নিৰ্বাচনী দায়িত্ব পালন কৰি থকা বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত এখন ভোটাৰ সজাগতাৰ বিশেষ বাহন মুকলি কৰে।

১০৫ নং মাহমৰা আৰু ১০৬ নং সোণাৰি বিধানসভা সমষ্টিত এই বাহনখনে ভোটাৰ সজাগতাৰ উদ্দেশ্যে প্ৰচাৰ চলাব।

বাহনখনত ভোটাৰ সজাগতাৰ উপৰত বিভিন্ন শ্ল’গান আৰু তথ্য লিপিবদ্ধ হৈ আছে।

বিশেষকৈ ভোটাৰৰ মাজত পোষ্টেল বেলট সন্দৰ্ভত সজাগতা সৃষ্টি আৰু ভোটগ্ৰহণৰ দিনা কভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্য মানি চলিবলগীয়া নীতি নিয়মৰ উপৰত এই বাহনখনে প্ৰচাৰ চলাব।