নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই সমাগত বিধান সভা নিৰ্বাচনত এইবাৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা কিছু বিশেষ পদক্ষেপৰ বিষয়ে প্ৰশাসনৰ তৰফৰ পৰা সমূহ নাজিৰা বাসীক অৱগত কৰে। নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম, ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু ক’ভিদ সন্দেহযুক্ত বা ক’ভিদ আক্ৰান্ত ভোটাৰ সকলৰ বাবে পোষ্টেল বেলটৰ সুবিধা আগবঢ়াইছে। এই শ্ৰেণীৰ ভোটাৰে পোষ্টেল বেলটযোগে ভোটদান কৰিব বিচাৰিলে তেওঁলোকে সংশ্লিষ্ট বুথ পৰ্য্যায়ৰ বিষয়া (বি এল অ’)/ ৰিটাৰনিং বিষয়াৰ কাৰ্যালয়ত কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ দ্বাৰা প্ৰদত্ত উপযুক্ত প্ৰমাণপত্ৰৰে সৈতে ১২(ডি) নং আবেদন পত্ৰ দাখিল কৰিব পাৰিব। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৬ মাৰ্চ ২০২১। অনুপস্থিত ভোটাৰ সকলক সংশ্লিষ্ট বুথ পৰ্য্যায়ৰ বিষয়া সকলে আবেদন পত্ৰ ১২(ডি) প্ৰদান কৰিব। তাৰ পিছত আবেদন পত্ৰ সমূহ বি এল অ’ সকলে তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব আৰু ভোটাৰ তালিকা খন শুদ্ধ কৰাৰ স্বাৰ্থত আবেদন পত্ৰ সমূহ পৰীক্ষণ কৰা হ’ব। অনুপস্থিত ভোটাৰ সকলক পোষ্টেল বেলট প্ৰদান কৰা হ’ব আৰু তেওঁলোকৰ নাম থকা তালিকা খন স্বীকৃতি প্ৰাপ্ত ৰাজনৈতিক দলৰ নিৰ্বাচিত প্ৰাৰ্থীক প্ৰদান কৰা হ’ব। প’লিং বিষয়া দলৰ সংখ্যা নিৰ্ভৰ কৰিব অনুপস্থিত ভোটাৰৰ সংখ্যাৰ ওপৰত। পোষ্টেল বেলটৰ বিতৰণ প’লিং আৰু সংগ্ৰহৰ পূৰ্বে অনুপস্থিত ভোটাৰক আগতীয়াকৈ বিষয়া সকলে যোগাযোগ কৰিব আৰু ফৰ্ম ডি ত উল্লেখ কৰাৰ ধৰণে মোবাইল ফোনত এচ এম এচ ৰ জৰিয়তে যোগাযোগ কৰা হ’ব। প্ৰথম বাৰ ভ্ৰমণৰ কালত যদিহে নিৰ্দিষ্ট ঠিকনাত ভোটাৰ গৰাকী উপস্থিত নাথাকে তাতিয়া দ্বিতীয় বাৰৰ বাবে ভোটাৰ গৰাকীৰ ঘৰলৈ যোৱা হব আৰু সেইবাৰ তেওঁক তৃতীয় ভ্ৰমণৰ সময় জনোৱা হ’ব। ইয়াৰ পাছতো যদি ভোটাৰ জন তৃতীয় বাৰ নিজ ঘৰত উপস্থিত নাথাকে, তেতিয়া তেওঁৰ ঘৰলৈ যোৱাৰ প্ৰয়োজন নহব। পোষ্টেল বেলট
পত্ৰ জাৰি কৰাৰ পূৰ্বে ভোটাৰ গৰাকীৰ পৰিচয় নিশ্চিত কৰিব ভ্ৰমণকাৰী প’লিং বিষয়া দলে। সেই উদেশ্যে প্ৰস্তুত কৰা পঞ্জীয়ন বহীৰ পৰিশিষ্ট(annexure) ২ত ভোটাৰ গৰাকীৰ পৰিচয় আৰু তেওঁৰ তথ্য সমূহ উল্লেখ কৰা হ’ব য’ত তেওঁৰ স্বাক্ষৰ বা আঙুলিৰ চাপ লোৱা হব। তালিকাত থকা তিনিটা শ্ৰেণীৰ ভোটাৰে ভোট দিয়াৰ পিছত ভোটাৰ সকলৰ নামৰ বিপৰীতে tick অথবা cross দিয়া হ’ব। তেওঁলোকে ভোট দিয়াৰ পিছত ক্ৰমিক নং সহ কাউণ্টৰ ফইল(counter foil) ফালি নিৰ্দিষ্ট কৰ্তিপক্ষৰ হাতত নিৰাপদে ৰখা হ’ব। অনুপস্থিত ভোটাৰ সকলৰ ঘৰলৈ ভ্ৰমণৰ সময়ত তেওঁক ভোটৰ নিয়মাৱলী আৰু পদ্ধতিৰ বিষয়ে অৱগত কৰা হ’ব। অনুপস্থিত ভোটাৰ সকলক ফৰ্ম ১৩ ৰ বিষয়ে প’লিং বিষয়া সকলে অৱগত কৰাই স্ব-স্বাক্ষৰ কৰিব। পোষ্টেল বেলটৰ ক্ৰমিক নং ফৰ্ম ১৩A আৰু ১৩B ত অন্তৰভুক্ত কৰা হ’ব। অৱতীৰ্ণ হোৱা নিজৰ প্ৰাৰ্থীৰ নামৰ বিপৰীতে tick অথবা cross দিব পাৰিব। ভোটাৰ সকলে ভোট দিয়াৰ পিছত সেইখন কাগজ সৰু খামৰ ভিতৰত সুমুৱাব লাগিব। ফৰ্ম১৩ সম্পূৰ্ণ লিপিবদ্ধ হোৱাৰ পিছত সৰু খামটো এটা ডাঙৰ খামত ভৰাই প’লিং বিষয়াক জমা দিব লাগিব। তিনিওটা শ্ৰেণীৰ ক্ষেত্ৰত ফৰ্ম ১৩ ত কৰা ঘোষণা সমূহ প’লিং বিষয়াই প্ৰতিলিপি স্বাক্ষৰ কৰিব। এই প্ৰতিলিপি স্বাক্ষৰ কৰাৰ সময়ত নিৰ্বাচন বিষয়া সকলে তেওঁলোকৰ সম্পূৰ্ণ পদবীৰ কথা উল্লেখ কৰিব। হস্পিটেলত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীৰ পত্ৰত স্বাস্থ্য পৰীক্ষা কৰি থকা বিষয়াই চহী কৰিব পাৰিব। নিৰ্বাচন বিষয়া সকলক তেওঁলোকৰ ভ্ৰমণ কালত আৰক্ষীৰ নিৰাপত্তা প্ৰদান কৰা হ’ব। তিনিটা শ্ৰেণীৰ ভোটাৰ সকলৰ ঘৰত ভিদিঅগ্ৰাফিৰ ব্যৱস্থা কৰা হ’ব আৰু ভিডিঅ’গ্ৰাফাৰ সকলে এই উদ্দেশ্যে নিৰ্বাচন বিষয়াৰ সৈতে যোগাযোগ কৰিব। ক’ভিড আক্ৰান্ত বা ক’ভিড সন্দেহযুক্ত ৰোগীক নিৰীক্ষণ কৰা নিৰ্বাচন বিষয়া সকলক প্ৰয়োজনীয় সা সামগ্ৰী প্ৰদান কৰা হ’ব। এই কাম সমূহ নিৰ্দিষ্ট নডেল বিষয়াৰ লগত আলোচনাত মিলিত হৈ কৰা হ’ব । সমাগত বিধান সভা নিৰ্বাচনত ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই সকলোৰে সহায় সহযোগিতা কামনা কৰিছে আৰু সকলোকে সচেতন নাগৰিকৰ পৰিচয় দি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
নাজিৰা মহকুমা প্ৰশাসনৰ জৰুৰী পদক্ষেপ৷
