অসমত ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব আগন্তুক বিধানসভা নিৰ্বাচন। সংবাদমেলযোগে এই কথা ঘোষণা কৰে দেশৰ মুখ্য নির্বাচনী আয়ুক্তই৷ অসমত প্ৰথম পর্যায়ৰ ২৭ মাৰ্চত। দ্বিতীয় পর্যায়ৰ নির্বাচনত ১ এপ্ৰিলত আৰু তৃতীয় পর্যায়ৰ নির্বাচন ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব৷ প্ৰথম পর্যায়ত ৪৭টা সমষ্টিত ভোটগ্ৰহণ হ’ব। দ্বিতীয় পর্যায়ত ৩৯ টা সমষ্টিত হ’ব ভোটগ্ৰহণ। আৰু তৃতীয় পর্যায়ত অনুষ্ঠিত হ’ব ৪০ টা সমষ্টিৰ ভোটগ্ৰহণ৷ ভোটগণনা অনুষ্ঠিত হ’ব ২ মে’ত। উল্লেখ্য যে আজিৰ সংবাদমেলত মুখ্য নির্বাচনী আয়ুক্তই অসমৰ লগতে মুঠ ৫ খন ৰাজ্যৰ নির্বাচনৰ দিন ঘোষণা কৰে৷ নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখন হ’ল পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰী৷ অহা ইং ২ মাৰ্চ তাৰিখে অসমত নিৰ্বাচনী অধিসূচনা জাৰি হ’ব৷
ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা৷
