ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হোৱাৰ পৰিপ্ৰেক্ষিতত নাজিৰা মহকুমাত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰাৰ বাবে শনিবাৰে নাজিৰাৰ প্রশাসনিক বিষয়া, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, বুথ পৰ্য্যায়ৰ বিষয়া, ৰাজনৈতিক দলৰ প্ৰতিনিধি তথা সাংবাদিক সকলৰ হৈতে অতিৰিক্ত উপায়ুক্ত ও ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই মহকুমাৰ সভাকক্ষত এক জৰুৰী সভা অনুষ্ঠিত কৰে। লখিমী দত্তই সকলোকে অৱগত কৰি কয় যে এইবাৰ নিৰ্বাচন আয়োগে ৮০ উৰ্দ্ধৰ লোক, দিব্যাংগ আৰু ক’ভিদ ৰোগীৰ বাবে এক বিশেষ পদক্ষেপ “পোষ্টেল বেলট” গ্ৰহণ কৰিছে য’ত তেওঁলোকে ফৰ্ম D ৰ সহায় লৈ ভোট দিব পাৰিব। বুথ পৰ্য্যায়ৰ বিষয়া সকলক লখিমী দত্তই সকলো ভোটাৰৰ তথ্য সমূহ সংগ্ৰহ কৰি অহা ৪ মাৰ্চৰ ভিতৰত কাৰ্য্যালয়ত জমা দিবলৈ নিৰ্দেশনা জাৰি কৰে। লখিমী দত্তই সকলোকে ভোট গ্ৰহণ কেন্দ্ৰত মাস্ক পৰিধান কৰি ভোট দিবলৈ আহ্বান জনায়। নিৰ্বাচন আয়োগৰ ৰোষত যাতে ৰাজনৈতিক দল সমূহ নপৰে সেই কথা ও উপায়ুক্ত গৰাকীয়ে অৱগত কৰে। ইয়াৰ উপৰিও ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই বিভিন্ন অনলাইন এপ যেনে C- VIGIL,suvidha এপৰ বিষয়ে বৰ্ননা কৰে। যদি কোনো লোকক আচৰণ বিধি উলংঘা কৰা দেখা যায় তেন্তে সেই অভিযোগ নাগৰিক সকলে c vigil এপত
উত্থাপন কৰিব পাৰিব আৰু সুবিধা এপত প্ৰাৰ্থী সকলে নিজৰ নথি পত্ৰসমূহৰ অনুমতি লাভ কৰিছে নে নাই সেই বিষয়ে জানিব পাৰিব। মনোনয়ন পত্ৰ দাখিল কৰা তাৰিখ হৈছে ২ মাৰ্চৰ পৰা ৯ মাৰ্চ। মনোনয়ন পত্ৰ A আৰু B ত প্ৰাৰ্থী সকলৰ নিজৰ হস্তাক্ষৰ থাকিব লাগিব। এজন প্ৰাৰ্থীয়ে ৪ খনকৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে আমানত জমা ১০ হাজাৰ আৰু অনুসূচিত জাতি আৰু জনজাতিয়ে প্ৰমাণ পত্ৰসহ ৫ হাজাৰকৈ দিব লাগিব। এইবাৰ এজন প্ৰাৰ্থীৰ বাবে নিৰ্বাচন আয়োগে নিৰ্ধাৰিত কৰা মুঠ ব্যয় হৈছে ৩০ লাখ ৮০ হাজাৰ টকা। প্ৰচাৰ পত্ৰিকা সমূহত প্ৰকাশকৰ নাম থকাটো বাঞ্চনীয়। কোনো দল সংগঠনে নিজৰ দলৰ প্ৰচাৰৰ বাবে ধৰ্মীয় চৌহদ বা সামূহিক সম্পত্তিৰ ব্যবহাৰ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও সকলো ভোট গ্ৰহণ কেন্দ্ৰত নূন্যতম সা -সুবিধা সমূহ থাকিব লাগিব। মহকুমাধিপতি গৰাকীয়ে নিৰ্দেশনা জাৰী কৰে যে ভোটৰ দিনা ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ পৰা ২০০ মিটাৰ দূৰত্ব লৈকে কোনো ৰাজনৈতিক দলে সভা অনুষ্ঠিত কৰিব নোৱাৰিব। উল্লেখ্য যে এইবাৰ বিধান সভা নিৰ্বাচনত দুগৰাকী কৈ নিৰীক্ষক উপস্থিত থাকিব আৰু তেখেত সকলে প্ৰসাশনীয় দিশ তথা ব্যয় নিৰীক্ষণ কৰিব। এই সভাত উপস্থিত থকা মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰে উল্লেখ কৰে যে নাজিৰা ১০৪ নং বিধান সভা সমষ্টিক ৪ টা জ’ন আৰু ১৮টা চেক্টৰত ভাগ কৰা হৈছে । অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আহিব লগীয়া বিধান সভা নিৰ্বাচন যাতে সুকলমে সম্পন্ন হয় তাকে কামনা কৰি সকলোৰে সহায় সহযোগিতা বিচাৰি সভাৰ অন্ত পেলায়।
নাজিৰা মহকুমা প্ৰশাসনৰ নিৰ্বাচন সম্পৰ্কীয় সভা৷
