নাজিৰা মহকুমা সাধাৰণ জাতি সুৰক্ষা সন্মিলন গঠন৷


সাধাৰণ জাতিৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যাৰ সমাধান আৰু সামূহিক উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্যৰে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ প্ৰতিনিধিৰ উপস্থিতিত বিষয়সমূহৰ ওপৰত পৰ্যালোচনা কৰি আগন্তুক দিনত চৰকাৰৰ ওচৰত দাবীসমূহ উপস্থাপন কৰা দাবীৰে নাজিৰা মহকুমাৰ কেতেকীবাৰী মজদুৰ প্ৰাথমিক বিদ্যালয়ত মহকুমা সমিতিখন গঠন কৰা হয়৷উক্ত সভাত সভাপতি হিচাবে সীমান্ত বৰঠাকুৰ,যুৱ অধিবক্তা পংকজ মহন্তক সম্পাদক,ৰুবুল হাতীকাকতীক কোষাধক্ষ্য ৰুপে সৰ্বসন্মতিমৰ্মে মনোনীত কৰি প্ৰায় ২৫ জনীয়া কাৰ্যনিৰ্বাহক সদস্য সমিতি গঠন কৰে৷সভাৰ আতঁ ধৰে বিশিষ্ট সমাজকৰ্মী বলীন কলিতা,জিলা বিষয়বীয়া নিৰঞ্জন মহন্ত,অজয় বৰুৱা পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে ৷
প্ৰতিবেদক, পংকজ মহন্ত,9957209708