আজি ১৪ ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ নাজিৰা মহকুমা অভিৱৰ্তন শ্ৰমিক নেতা ৰবীন বৰগোহাঁই সভাপতিত্বত অনুষ্ঠিত হয়৷আহ্বায়ক মণ্ডলীৰ হৈ নমিতা পানীফুকনে আঁত ধৰা অনু্ষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য আহ্বায়ক আশুতোষ বুঢ়াগোহাঁইয়ে ৷ আৰম্ভণিতে সংগঠনৰ পতাকা উত্তোলন কৰে সন্থাৰ জিলা সভাপতি নাথু দত্তই ৷ অভিৱৰ্তনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ সাংগঠনিক সম্পাদক নিতুল বড়াই নিৰ্মাণ শ্ৰমিক আইন প্ৰণয়নৰ ইতিহাস সম্পৰ্কে, শ্ৰমিক সকলে কেনেদৰে চৰকাৰী পঞ্জীয়ন কৰিব পাৰি,কোন বিলাক শ্ৰমিকক এই আইনে সামৰি লৈছে ,আইন খনে কি কি সুবিধা প্ৰদান কৰিছে, কল্যাণপুঁজি কেনেদৰে চৰকাৰে পুঁজিপতি সকলৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চক্ৰান্ত কৰিছে এই সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়াই আৰু শ্ৰমিক সকলক ঐকবদ্ধ হৈ সংগঠিত হ’বলৈ আহ্বান জনায় ৷
অভিৱৰ্তনত অংশ লৈ চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কয় যে দেশৰ সম্পদ গঢ়া শ্ৰমজীৱী কৃষিজীৱী জনগণে প্ৰাপ্য তথা অধিকাৰৰ পৰা কেনেদৰে বঞ্চিত হৈ আহিছে ? শ্ৰমিকে শ্ৰমৰ বিপৰীতে কেনেকৈ মূল্য পোৱা নাই ? সামাজিক ভাৱে চলি থকা অন্যায় আৰু অৰ্থনৈতিক অসমতাৰ বিৰুদ্ধে সংগঠিত ৰূপত কেনেকৈ সংগ্ৰাম সংগঠিত কৰিব লাগিব এই সম্পৰ্কে বক্তব্য ৰাখে ৷ চৰকাৰ সমূহে মুখেৰে সাধাৰণ জনগণৰ হৈ কাম কৰিম বুলি কৈ কেনেকৈ দেশৰ সম্পদবোৰ পুঁজিপতিক গতাই দিবলৈ আইন প্ৰণয়ন কৰিছে ইয়াৰ সম্পৰ্কেও বহল ব্যাখ্যা ডাঙি ধৰে ৷ অভিৱৰ্তনত যুৱনেতা যোগেন চেতিয়া , কৃষক নেতা ৰোহিত বৰাইও বক্তব্য ৰাখে ৷ অভিৱৰ্তনে আগন্তুক সময়ৰ বাবে ৰজনী গগৈক সভাপতি আৰু আশুতোষ বুঢ়াগোহাঁইক সম্পাদক হিচাপে লৈ এখনি ২১ জনীয়া কমিটি গঠন কৰে ৷
সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ নাজিৰা মহকুমা অভিৱৰ্তন ৷
