নাজিৰা মহকুমাৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া হিচাবে দায়িত্ব গ্ৰহণ কৰে নৱনিযুক্ত বৰ্ণালী দত্তই। অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্ণালী দত্তই যোগদান কৰে।দীৰ্ঘদিন ধৰি নাজিৰা মহকুমাত উক্ত বিভাগটিত স্থায়ী বিষয়াৰ অভাৱৰ পাছত নিশ্চিতভাৱে ই নাজিৰাৰ বাবে উৎসাহজনক দিশ৷নৱ নিযুক্ত বিষয়াগৰাকীয়ে আগন্তুক দিনত নাজিৰা মহকুমাৰ সকলো সাংবাদিক লগতে নাজিৰা মহকুমা প্ৰশাসনৰ, নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি যোৱাত সহায় আৰু সহযোগিতা আগবঢ়াবলৈ কামনা কৰিছে।
নাজিৰাত মহকুমা তথ্য-জনসংযোগ বিষয়া নিযুক্তি৷
