ৰাজ্য চৰকাৰৰ বৈষম্যতাৰ বাবেই বিৰোধী বিধায়কৰ সমষ্টিৰ উন্নয়নত লেহেমীয়া৷

বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰে ” সকলোৱে লগত সম বিকাশ ” ৰ কথা আওৰাই আহিছে যদিও   বিৰোধী বিধায়ক থকা সমষ্টিসমূহ উন্নয়নৰ ক্ষেত্ৰত বৈষম্যতাৰেে দৃষ্টি নিক্ষেপ কৰি অহাৰ বাবেই সেই সমষ্টি সমূহৰ উন্নয়নত হেঙাৰ সৃষ্টি হৈছে,বুলি নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই বক্তব্য আগবঢ়াইছে ৷লগতে কয় যে , বিগত সময়ত অসমৰ আন আন সমষ্টিৰ লগতে নাজিৰা সমষ্টিৰ বাট – পথ , শিক্ষা , স্বাস্থ্য , খোৱা পানী , নদীৰ গৰাখহনীয়া প্ৰতিৰোধ , ঐতিহাসিক সম্পদৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন তথা বিভিন্ন উন্নয়ন মূলক কামৰ বাবে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী , মুখ্যমন্ত্ৰী লৈ বহু বাৰ নিবেদন জনাই পত্ৰ প্ৰদান কৰাৰ লগতে বিধান সভাৰ মজিয়াতো বাৰম্বাৰ উত্থাপন কৰি অহাৰ পিছতো চৰকাৰে বৈষম্যতা মূলক ভাৱে পুজি আৱণ্টন দিয়া নাছিল ।সেইকাৰণে সমষ্টিৰ উন্নয়নত লেহেমীয়া হৈছিল৷নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমষ্টিটোৰ অন্তৰ্গত ৬৭.৯৯ লাখ টকাৰে ২.৩০ কিলোমিটাৰ লখিমী আলি , ৮৪.৮১ লাখ টকাৰে ৩.৫০ কিলোমিটাৰ জয়খামদাং মলা গাওঁ পথ , ৯৮.৭১ লাখ টকাৰে ১.৬৫ কিলোমিটাৰ ডিমৌ কিনাৰ আলি , ৮৮.৮৬ লাখ টকাৰে ৩.৩০ কিলোমিটাৰ বৰফুকন আলি , ৫৫.৬৩ লাখ টকাৰে ১.২০ কিলোমিটাৰ মহন হাজৰিকা আলি , ১,৩৮.৫৪ লাখ টকাৰে ২.২০ কিলোমিটাৰ ১ নং বৰদুৱৰা আলি , ২,৭২.৭০ লাখ টকাৰে ৩.১০ কিলোমিটাৰ চণ্টক আলিকে ধৰি মুঠ ৭ টা পথৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে৷বৰ্তমান চৰকাৰৰ সম বিকাশ আৰু সম উন্নয়ন নামতহে বুলি উল্লেখ কৰে৷