অসম চৰকাৰৰ ৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা I

অসম চৰকাৰৰ অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ সকলো থলোৱা ভাষাৰ ৬০ বছৰৰ অনূৰ্ধ ৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা পত্ৰৰ লগতে ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে ।