বিশেষ প্ৰতিষ্ঠানে e bid reference no 650104467 against ONGC Tender no R16DC19008 ৰ জৰিয়তে মুকলি কৰা Notification of award (NOA) for “Hiring of Services for loading/unloading of Tubular and other jobs at LP Model Stores Pipe Yard for the period of 5 years” Against Tender No.R16DC19008(OLA NO. 9010030465)শীৰ্ষক নিবিদাৰ জৰিয়তে কামতো পাঁচবছৰলৈ কৰিবৰ বাবে শিৱসাগৰৰ “আয়কন” নাম প্ৰতিষ্ঠানতোক অৰ্পণ কৰা হৈছিল ৷যোৱা ইং ২৫/০৬/২০১৯ তাৰিখে পত্ৰৰ জৰিয়তে জনাইছিল এখনি পত্ৰৰ জৰিয়তে।লক্ষ্যণীয় যে এই কামতোত কেইবাগৰাকীও স্থানীয় নিবনুৱা যুৱকে আজি প্ৰায় বহুদিন ধৰি কাম কৰি আহিছে।কিন্তু যোৱা ইং ২৬/০৭/২০১৯ তাৰিখে উক্ত নিবিদাৰ বিনিময়ত আয়কন নামৰ প্ৰতিষ্ঠানতোৱে লাভ কৰা কামতো সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা চাৰিখন ক্ৰেইন বিকল হৈ আছে আৰু মেৰামতি কৰিব লাগিব বুলি অ’এনজিচি কৰ্তৃপক্ষই এখনি পত্ৰ প্ৰেৰণ কৰিছিল।এই ক্ষেত্ৰত GM(MM),I/C Wearhouse,Central Store, ONGC Sivasagar Assam Asset বিভাগতোৱে দীৰ্ঘদিন ধৰি গাফিলতি কৰি অহা পৰিলক্ষিত হৈছে।কিন্তু তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড অসম সম্পদৰ দৰে এটা বৃহৎ প্ৰতিষ্ঠানে আজিৰ পৰ্যন্ত ক্ৰেইন কেইখন মেৰামতি কৰি উক্ত কামতো আৰম্ভ কৰিব নোৱাৰাতো পৰিতাপৰ বিষয়।
গতিকে অতিশীঘ্ৰে ক্ৰেইনকেইখন মেৰামতি কৰি উপৰোক্ত কামতো পুনৰ আৰম্ভ কৰাৰ জৰিয়তে স্থানীয় নিবনুৱা কেইজনক সংস্থাপন দিবলৈ এই পত্ৰৰ জৰিয়তে দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত এখনি স্মাৰক পত্ৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড, অসম সম্পদ,নাজিৰাৰ কাৰ্যবাহী সঞ্চালকলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে প্ৰতিলিপি নাজিৰা মহকুমাধিপতিলৈ প্ৰেৰণ কৰে।
তেল আৰু প্ৰাকৃতিক গেছ নিগমলৈ- স্মাৰক পত্ৰঃ যুৱ ছাত্ৰ পৰিষদৰ৷
