১০৪ নং নাজিৰা বিধান সভা সমষ্টিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ৷

নিউজ ডেস্ক PR NEWS ASSAM

‌আজি ইং ১৮/০১/২০২১ তাৰিখে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ও জিলা নিৰ্বাচনী বিষয়া লখিমী দত্তই নিৰ্বাচনী আয়োগৰ শেহতীয়া নিৰ্দেশনা মৰ্মে ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ সংক্ষিপ্ত শুধৰণিৰ চূড়ান্ত ভোটাৰ তালিকা, ২০২১ৰ শুভ উদ্ধোধন কৰে। এই শুভ উদ্বোধনী অনুষ্ঠানত ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে। অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়াই নাজিৰা নিৰ্বাচন জিলাৰ ইতিমধ্যে ইং ১৮/১১/২০২০ তাৰিখে প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা আৰু ইং ১৮/০১/২০২১ তাৰিখে প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাৰ মাজত এক তুলনামূলক সমীক্ষা দাঙি ধৰে। সমীক্ষা মতে ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা ১,৩০,৬৩৭ আৰু ইয়াৰে ভিতৰত ৬৬,৬৫৮ জন পুৰুষ ভোটাৰ আৰু ৬৩,৯৭৯ গৰাকী মহিলা ভোটাৰ। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ১,৩১,০৭৭ আৰু ইয়াৰ ভিতৰত ৬৬,০৩৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৬৫,০৪০ গৰাকী মহিলা ভোটাৰ। আনহাতে খচৰা ভোটাৰ তালিকা অনুসৰি ভোটাৰ জনসংখ্যা অনুপাত ৬৬.৮১ শতাংশ আৰু চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ভোটাৰ জনসংখ্যা অনুপাত ৬৯.১৪ শতাংশ। সমীক্ষা অনুসৰি ১৮/১১/২০২০ তাৰিখে প্ৰকাশ পোৱা ভোটাৰ তালিকাতকৈ ১৮/০১/২০২১ তাৰিখে প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত ০.৩৩ শতাংশ ভোটাৰৰ বৃদ্ধি পৰিলক্ষিত হৈছে। খচৰা ভোটাৰ তালিকা অনুসৰি ভোটাৰ লিংগ অনুপাত ৯৭০ আৰু চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ভোটাৰ লিংগ অনুপাত ৯৮৪। অনুষ্ঠানত উপস্থিত থকা ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰতিলিপি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে ভোটাৰ পঞ্জীয়ন নিয়ম, ১৯৬০ অনুসৰি ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা ২০২১ৰ ১ জানুৱাৰী ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰে প্ৰতিলিপি নিৰ্বাচক পঞ্জীয়ন বিষয়া , ১০৪ নং নাজিৰা বিধান সভা সমষ্টি নাজিৰাৰ কাৰ্যালয় আৰু সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰ সমূহত কাৰ্যালয় খোলা থকা সময়ত নিৰীক্ষণ কৰিব পাৰিব। অনুষ্ঠানত উপস্থিত থকা নাজিৰাৰ নিৰ্বাচনী বিষয়া সুজাতা গগৈয়ে ব্যক্ত কৰে যে ইং ১৮/০১/২০২১ তাৰিখে অৰ্থাৎ আজিৰ পৰা অবিৰত অদ্যাৱৰ্ধিকৰণ (continuos updation) প্ৰক্ৰিয়া চলি থাকিব আৰু এই সময়ছোৱাত ভোটাৰ সকলে ভোটাৰ তালিকাত নাম ভৰ্ত্তি নাম কৰ্তন আদি কৰিব পাৰিব। অনুষ্ঠানত নাজিৰা তথ্য ও জনসংযোগ বিষয়া অদিতি বৰ্মণ উপস্থিত থাকে ৷ ‌মহকুমা তথ্য ও জনসংযোগ বিভাগে এই বাৰ্তা সদৰি কৰিছে৷