PR NEWS ASSAM টিহু
টিহুত বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্হিতিত সহস্ৰাধিকৰ বি জে পি’ত যোগদান ।
অগপ বিপিএফ কংগ্ৰেছ দলৰ বহু দলীয় কৰ্মীৰ লগতে সাধাৰণ লোকেও দলটোত যোগদান কৰে।
ইয়াৰপূৰ্বে বি জে পিৰ ৰাজ্যিক সভাপতি গৰাকীক টিহুৰ নাথকুছিৰ পৰা টিহু নগৰলৈ দলীয় সমৰ্থকে আদৰি আনে ।
আনপিনে সভাৰ অন্তত দাসে কংগ্ৰেছ এ আই ইউ ডি এফ ৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰে ।
তেওঁ কংগ্ৰেছ -এ আই ডি এফৰ মিত্ৰতাক স্বাভিমানি ভাৰতীয় অসমীয়াই তেওঁলোকৰ অপবিত্ৰ আখ্যা দিয়া বুলি কয় ।
আনপিনে পাটাছাৰকুছি আৰু বৰমাত বি জে পিৰ প্ৰাৰ্থী থকাটো নিশ্চিত বুলি বি জে পিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য কৰে ।

