নাজিৰাত সাহিত্য প্ৰতিযোগিতা৷

নিউজ ডেস্ক PR NEWS

নাজিৰা আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত আৰু বৃহত্তৰ নাজিৰাবাসী ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে নৱবৰ্ষ ওলগনি-২০২১ আৰু শিশু সকলৰ সুপ্ত প্ৰতিভা সমূহৰ বিকাশৰ লক্ষ্যৰে নাজিৰা মহকুমা ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি কৰ্যসূচী অনুযায়ী প্ৰথম কাৰ্যসূচী গছপুলি ৰূপন কৰে মননীয় উপদেষ্টা বসন্ত ৰাজোৱাৰ ডাঙৰীয়াই,প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে নাজিৰা মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰৱক্তা শ্ৰীযুতা লুইচ সন্দিকৈ বাইদেৱে। প্ৰতিযোগিতা সমূহ ক্ৰমে-চিত্ৰাংকন, থলীতে লিখা ৰচনা, অসমীয়া ভাষাৰ অন্যতম শিপা স্বৰূপ অসমীয়া সাঁথৰ প্ৰতিযোগিতা (কুইজ)। প্ৰতিযোগিতাৰ অন্তত মুকলি সভা বঁটা আৰু বিতৰন কৰা আজিৰ কাৰ্যসূচীৰ মুকলি সভাৰ আঁত ধৰে নাজিৰা আঞ্চলিক মইনা পাৰিজাতৰ মাননীয় সভাপতি ড০ জীৱন কলিতা ডাঙৰীয়াই। ড০ কলিতাই আঁত ধৰা সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে নাজিৰা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ অদিতি বৰ্মণ বাইদেউ, গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰৱক্তা ৰিমঝিম বৰা বাইদেউ, নাজিৰা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক সুত্ৰধৰ চাৰ। নাজিৰা আঞ্চলিক মইনা পাৰিজাতৰ সদস্য সকলৰ দ্বাৰা এটি সমবেত সংগীতে মুকলি সভাৰ শুভাৰম্ভ কৰে । আজিৰ মুকলি কেইবাগৰাকী শিশুৱে গীত পৰিৱেশন, কবিতা আবৃত্তি, সংলাপ পৰিবেশন কৰে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগোৱাৰ মানসেৰে কাৰ্যবাহী দণ্ডাদীশ অদিতি বৰ্মন বাইদেউ, নাজিৰা আঞ্চলিক মইনা পাৰিজাতৰ সাহিত্য শাখাৰ সম্পাদিকা নিলাক্ষী দত্ত, কাৰ্যকৰী সভাপতি ভৱনন্দ বড়া, সহকাৰী সম্পাদিকা নিৰুপমা দত্ত, সভাপতি ডঃ জীৱন কলিতা আৰু ময়ুৰী ৰাজোৱাই একোটিকৈ গীত পৰিবেশন কৰে। ড০ৰিমঝিম বড়া বাইদেৱে ও এটা সুন্দৰ কবিতা পাঠ কৰে। আজিৰ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগিতা সচাকৈ সলাগিবলগীয়া। তেঁওলোকৰ মাজত যে এনে প্ৰতিভা লুকাই আছে তাক প্ৰত্যক্ষ নকৰিলে ভাষাৰে বুজোৱা টান। আজি সাহিত্য প্ৰতিযোগিতাৰ অন্যতম আকৰ্ষণ সাঁথৰ কোৱা প্ৰতিযোগিতা (কুইজ বয়ষৰ কোনো সীমা নাছিল)ত আমি যি সহাৰি দেখা পালো সেয়াও প্ৰশংসনীয়। সদৌ শেষত প্ৰতিগৰাকী প্ৰতিযোগী, অভিভাৱক অভিভাৱিকা, বিশিষ্ট অতিথি বৃন্দ তথা বিচাৰকবৃন্দক নাজিৰা আঞ্চলিক মইনা পাৰিজাতৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো । এই কাৰ্যসূচী ভাগ সুচাৰুৰূপে সম্পন্ন কৰাত আপোনালোকৰ সহযোগিতা তথা অৱদান অনস্বীকাৰ্য।