নিউজ ডেস্ক PR NEWS ASSAM
ৰাজ্যত ১ জানুৱাৰী পৰা খুলিব চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো বিদ্যালয় । অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা ।
এই নিৰ্দেশনা অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এদিন এৰি এদিন হ’ব পাঠদান ।
১. প্ৰতি সোমবাৰ ,বুধবাৰ আৰু শুক্ৰবাৰে অনুষ্ঠিত হ’ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান । আনহাতে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব মঙ্গলবাৰ ,বৃহস্পতি বাৰ আৰু শনিবাৰে ।
২) প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান পুৱা ৯ বজাৰ পৰা ১.৪৫ বজালৈ ।
মাজতে ১২.১৫ পৰা ১২.৪৫ বজালৈ মধ্যাহ্ন বিৰতি ।
৩)ক’ভিড প্ৰট’কল কঠোৰভাবে মানিহে পাঠদানৰ নিৰ্দেশ। নিৰ্দেশনাত উল্লেখ কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকক্ষত উপস্থিতি বাধ্যতামূলক ন’হব আৰু অভিভাৱকৰ সন্মতি সাপেক্ষেহে শ্ৰেণীকক্ষত তেওঁলোক উপস্থিত থাকিব পাৰিব ।
৪) নিয়মীয়া পাঠদানৰ লগতে প্ৰয়োজন সাপেক্ষে অনলাইন ক্লাছ সমূহো চলাই যাব পাৰিব
৫)শিক্ষানুস্থান চৌহদত সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধৰ নিৰ্দেশ ।
৬) সম্পূৰ্ণ ক’ ভিড প্ৰট’কল মানিহে খুলিব পাৰিব বিদ্যালয় ।
৭) ৫ বছৰ তলৰ শিক্ষাৰ্থী যাব নোৱাৰিব বিদ্যালয়লৈ ।
৮) প্ৰতি দেওবাৰে চেনিটাইজ কৰিব লাগিব শিক্ষানুস্থান ।

