PR NEWS ASSAM :নাজিৰা বিধানসভা সমষ্টিত বৰ্তমান ব্যাপক নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে।৯৭ নং নাজিৰা বিধানসভা সমষ্টিত কংগ্ৰেছ,বিজেপি আৰু অগপ দলৰ প্ৰাৰ্থীত্ব দাবীদাৰসকলে ৰাইজৰ মাজত কুছকাৱাজ কৰিছে ৷ এই নিৰ্বাচনক এক আকৰ্ষণীয় যুঁজলৈ পৰিণত কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। গাঁও–চহৰৰ পথসভা, ঘৰে-ঘৰে সংযোগ অভিযান, সামাজিক মাধ্যমত প্ৰচাৰ আদিৰ জৰিয়তে ভোটাৰৰ মন জয় কৰিবলৈ সকলো পক্ষ ব্যস্ত হৈ পৰিছে। প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত কংগ্ৰেছৰ প্ৰাৰ্থী তথা একেৰাহে ৩ বাৰৰ বিজয়ী বিৰোধী দলপতি কংগ্ৰেছৰ বিধায়ক বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়াই বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত তীব্ৰ আক্ৰমণ কৰিছে বিধায়কক উপেক্ষা কৰি বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীগৰাকীক চৰকাৰী কাৰ্যসূচীসমূহলৈ সমাজকৰ্মী হিচাবে পৰিচয় দিয়াই চৰকাৰী আচনিসমূহ বিতৰণ কৰাৰ সুবিধা কেনেদৰে পাইছে বুলি ছ’চিয়েল মিডিয়াত তীব্ৰ বিষোদগাৰ কৰি আহিছে আৰু ইয়ে নাজিৰাৰ ৰাজনৈতিক পৰিস্থিতিক অধিক উত্তেজনাময় কৰি তুলিছে।ঠিকদাৰী কামত পূৰ্বৰে পৰা হাত থকা বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে চিণ্ডিকেটৰ অভিযোগ আদিৰে নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে৷ তাৰ বিপৰীতে অগপ প্ৰাৰ্থীত্বৰ দাবীদাৰ যুৱ অধিবক্তা তথা সমাজকৰ্মী পংকজ মহন্তইয়ো সমষ্টিবাসীৰ মাজত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷কংগ্ৰেছ দুৰ্গখ্যাত নাজিৰা বিধানসভা সমষ্টিত এইবাৰ আকৰ্ষণীয় নিৰ্বাচনী যুজঁ হ’ব কিয়নো সমষ্টিটোত অগপৰ প্ৰাৰ্থীৰ সমীকৰণে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ অংকত আউল লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো যুৱ অধিবক্তা সমষ্টিবাসীৰ প্ৰতি এইবাৰ নতুন মুখ ৷এক বিশেষসূত্ৰৰ পৰা জানিব পৰামতে সমষ্টিটোত শাসকীয় দুই মিত্ৰদলে নতুন মুখৰ নিকাভাৱমূৰ্তিৰ প্ৰাৰ্থীৰ সন্ধানত নামি পৰিছে৷গতিকে সেই দিশৰ পৰা চালে হয়তো পংকজ মহন্তক লৈয়ো দুই শাসকীয় মিত্ৰদলে ঐক্যবদ্ধৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ প্ৰচেষ্টা চলাব পাৰে,উল্লেখ্য যে এতিয়ালৈকে বিধানসভা নিৰ্বাচনত বিগত সময়ত একেৰাহে ৬ বাৰ পৰাজিত হৈছে৷ মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনত নাজিৰাত এক কঠিন, প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আৰু আকৰ্ষণীয় যুঁজ দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
নাজিৰাত বিৰোধী দলপতি দেৱব্ৰতৰ শইকীয়াৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে বিস্ফোৰণ৷ ক্ৰমাৎ আকৰ্ষণীয় নিৰ্বাচনকেন্দ্ৰিক প্ৰচাৰ৷
