নাজিৰাত ক্ৰমাৎ আকৰ্ষণীয় নিৰ্বাচন ৰণ৷

নাজিৰা বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ,বিজেপি আৰু অগপ দলৰ প্ৰাৰ্থীসকলৰ মাজত ব্যাপক নিৰ্বাচনী তৎপৰতা বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে৷কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়া,বিজেপিৰ প্ৰাক্তন আটাছু নেতা তথা টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই আৰু অগপৰ পৰা যুৱ অধিবক্তা তথা সমাজকৰ্মী পংকজ মহন্তই সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে৷সকলোৱে বিভিন্ন মাধ্যমৰ যোগেদি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷