শতৰ্বষীয় বৰগোঁহাই বংশাৱলীৰ প্ৰস্তুতি : ৭ ফেব্ৰুৱাৰীত মেছাগড়ত শুভাৰম্ভণি অনুষ্ঠান৷

নিউজ ডেস্ক PR NEWS ASSAM

আহোম ৰাজত্বকালত দেশ শাসনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰসিদ্ধ বৰগোঁহাই বংশধৰ সকলে অতীজৰে পৰাই ঐক্য – সংহতি বংশ পৰম্পৰা ৰক্ষা কৰি সময়ে সময়ে বংশাৱলী অনুষ্ঠানৰ আয়োজন কৰি আহিছে । ১৯২১ চনত শিৱসাগৰ জিলাৰ মেছাগড়ত অনুস্থিত হোৱা আধুনিক যুগৰ বৰগোঁহাই বংশাৱলীখনিয়ে ইতিমধ্যে শতৰ্বষত উপনীত হৈছে । শতৰ্বষত উপনীত হোৱা এই মুল বংশাৱলীখনি পৰিস্থিতিগত কাৰণত নিদিষ্ট সময়ত (২০২১চনৰ ফেব্ৰুৱাৰী মাহত )পূৰ্ণাংগ ৰূপত বংশাৱলীখন অনুস্থিত কৰিব নোৱাৰিলেও অহা ৭ফেব্ৰুৱাৰীত ” শুভাৰম্ভণি অনুষ্ঠান”ৰ জৰিয়তে শতৰ্বষীয় বংশাৱলী অনুষ্ঠানটি শুভাৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি ব‍্যাপক প্ৰস্ততি চলোৱা হৈছে ।হৈছে।ইতিমধ্যে যোৱা ২০ ডিচেম্বৰত মেছাগড়স্থিত জোকতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শতৰ্বষীয় বৰগোঁহাই বংশাৱলী উদযাপনৰ লগতে অন‍্যান‍্য গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সদৌ বৰগোঁহাই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুহি বৰগোঁহাইৰ সভাপতিত্বত অনুস্থিত এই সভাত ৰাজ‍্যখনৰ বিভিন্ন প্ৰান্তৰ বংশধৰৰ লগতে অনলাইন যোগে( গুগল মিট ) দেশ – বিদেশৰ বহু সংখ্যক বংশধৰে অংশগ্ৰহণ কৰে ।বৰগোঁহাই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰগোঁহায়ে উদ্দেশ্য ব‍্যাখ‍্যা আৰু আঁতধৰা এই সভাত আলোচনাৰ মাধ্যমেৰে সদৌ বৰগোঁহাই বংশাৱলী উদ‍্যোগত আৰু মেছাগড় , মাদুৰি,মঠিয়াছিগা ৰাইজৰ সহযোগত ঐতিহাসিক মেছাগড় পুখুৰীৰ সমীপতে বিস্তৃত কাৰ্য্যসূচীৰে বৰগোঁহাই বংশাৱলীৰ শুভাৰম্ভণি অনুষ্ঠানটি অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বংশাৱলীখনি সফলতাৰে অনুস্থিত কৰিবৰ বাবে ডঃ দয়ানন্দ বৰগোঁহাইক সভাপতি, প্ৰবীণ বৰগোঁহাই, ময়ুৰ বৰগোঁহাই, বিনোদ বৰগোঁহাইক কাৰ্য্যকৰী সভাপতি , ইন্দজিত বৰগোঁহাইক সম্পাদক, ৰঞ্জিত বৰগোঁহাই, হিমাশু বৰগোঁহাইক যুটীয়া সম্পাদক , দ্বিজেন বৰগোঁহাই, জিতু বৰগোঁহাই, ৰঞ্জন বৰগোঁহাই, ধৰ্মেন্দ বৰগোঁহাই ,অজিত বৰগোঁহাইক সহকাৰী সম্পাদক ৰূপে লৈ ২৩ উপ-সমিতিৰে এখন শক্তিশালী অভ‍্যৰ্থনা সমিতি গঠন কৰা হয়। বংশাৱলী কাৰ্য্যসূচী অনুসৰি পুৱা, এশ খন পতাকা উত্তোলন, মৈডাম তপৰ্ণ, ফুৰালুং পুজাৰ উপৰি শতৰ্বষীয় বৰগোঁহাই বংশাৱলীৰ শুভ উদ্বোধনী অনুষ্ঠান লগতে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব‍্যৱস্থা কৰা হৈছে । ইতিমধ্যে কালি বৃহৎ সংখ্যক বংশধৰ আৰু শুভাকাংখী ৰাইজৰ উপস্থিতিত অভ‍্যৰ্থনা সমিতিৰ কাৰ্য্যালয় মুকলি কৰা হয়। বংশাৱলীৰ শুভাৰম্ভণি অনুষ্ঠানত সমূহ বংশধৰৰ লগতে শুভাকাংখী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ কামনা কৰি সদৌ বৰগোঁহাই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰগোহাঁই আৰু অভ‍্যৰ্থনা সমিতিৰ সম্পাদক ইন্দজিত বৰগোঁহায়ে এক প্ৰেছ বিবৃত্তি যোগে আহ্বান জনাইছে । যোগাযোগৰ নম্বৰ ৯৪৩৫৫২৫৩০৪ , ৭০০২৫৫৬২১৩.৭০০২০৯৯৮৪৯