শিৱসাগৰত মুখ্যমন্ত্ৰীৰ অভিলাষী আচঁনি৷

শিৱসাগৰ জিলাৰ ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ খেলুৱা গাওঁ পঞ্চায়তৰ বাকচু কটকী কোঁচ গাৱঁৰ বৰবিল খেলপথাৰত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকললৈ অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিলাসী আচনি “মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনি’ৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০০০০ টকাৰ চেক বিতৰণ কাৰ্যসূচী আজি ইংৰাজী ২৮-০১-২০২৬ তাৰিখে আনুষ্ঠানিকভাবে সম্পন্ন হয়।

এই অনুষ্ঠানত ডিমৌ বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা জীৱিকা অভিযানৰ অধীনৰ ১৫৮ গ্রাম্য সংগঠনৰ অন্তৰ্গত ১৩১৪ টা আত্মসহায়ক গোটৰ ৩০৫১২ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুজিৰ চেক লাভ কৰাৰ লগতে ডিমৌ বিধানসভা সমষ্টিৰ অধীনৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত ৭৭৯ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুজিৰ চেক লাভ কৰে।

অনুষ্ঠানত ডিমৌ বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত সৰ্বমুঠ ৩১,২৯১ গৰাকী আত্মসহায়ক গোটৰ উদ্যমী মহিলা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুজিৰ দ্বাৰা উপকৃত হয়।

CMO Assam