নতুন প্ৰজন্মক শিক্ষাৰ লগতে কৰ্মমুখী কৰি গঢ়ি তোলাৰ সংকল্প যোৰহাটৰ এখন মহাবিদ্যালয়ৰ৷

PR NEWS ASSAM যোৰহাটঃ

আত্মনিৰ্ভৰ ভাৰতলৈ বিশেষ সহাঁৰি যোৰহাটৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ।

গ্ৰামাঞ্চলত উচ্চ শিক্ষাৰ পোহৰ বিলোৱা চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ে কলেজীয়া জীৱন সামৰণি পৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভৰিত ঠিয় দিব পৰাকৈ কাৰ্যত: এক পৰিবেশৰ সুচনা কৰিছে৷প্ৰায় এশ বিঘা মাটি-কালিৰে পৰিবেষ্টিত মহাবিদ্যালয় খনত এতিয়া আনুষ্ঠানিক শিক্ষাৰ লগতে সমাহাৰ ঘটিছে হাঁহ, কুকুৰা, গাহৰি, ছাগলী পালনৰ লগতে কৃষিকৰ্ম কৰি মহাবিদ্যালয় পাঠ্যক্ৰমৰ বাহিৰত ছাত্ৰ ছাত্ৰী সকলৰ বাবে হাতত লোৱা এই কাৰিকৰী শিক্ষাৰ জড়িয়তে উজনি অসমতে এক বুনিয়াদৰ সৃষ্টি কৰিছে এইখন মহাবিদ্যালয়ে।