নাজিৰা সামাজিক সমস্যাৰ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান জন শক্তি অসমৰ৷


 PR NEWS ASSAM :ঐতিহাসিক নাজিৰা নগা আলিৰ পুণঃমেৰামতি কাম যোৱা দুই ফেব্ৰুৱাৰী ২০২৩ বৰ্ষতেই আৰম্ভ কৰা চৰকাৰী ফলক লাগিল কিন্তু আজি পৰ্যন্ত  পথছোৱাৰ কাম আধৰুৱা হৈ থকাৰ ফলত পুণৰ বিধস্ত হোৱাৰ দিশে গতি কৰিছে৷এই সন্দৰ্ভত নাজিৰা লোক নিৰ্মাণ বিভাগলৈ পথছোৱাৰ শীঘ্ৰে মেৰামতিৰ দাবীৰ লগতে নাজিৰাৰ ঐতিহাসিক দেওধাই পুখুৰীৰ সুৰক্ষা আৰু সংৰক্ষণৰ দাবীত বিভাগীয় কতৃপক্ষ নাজিৰা ৰাজহ চক্ৰ বিষয়ালৈ একোখনকৈ দাবী স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে জন শক্তি অসম নামৰ সামাজিক সংগঠনৰ সভাপতি তথা নাজিৰাৰ যুৱ অধিবক্তা পংকজ মহন্তই৷উক্ত স্মাৰকপত্ৰত উপৰুক্ত দুই বিষয় যে নাজিৰাবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ তাৰ বিষয়ে বিশদ বিৱৰণে উল্লেখ কৰিছে৷আহোম যুগৰ চিনাকি নাজিৰাৰ অন্যতম পৰিচয়ক অৱহেলা কৰা মনোভাৱে বিভাগীয় কতৃৃপক্ষৰ চৰম অৱহেলা আৰু জনসাধাৰণৰ প্ৰতি দায়িত্বহীনতাৰ ছবি উদঙাই দিছে৷লগতে এইক্ষেত্ৰত নাজিৰাৰ দুই এটা দল সংগঠনৰ সৰৱ ভুমিকাৰ বিপৰীতে জনপ্ৰতিনিধি আৰু শাসকীয় পক্ষৰ দায়িত্ব থকা প্ৰতিনিধিৰ দীৰ্ঘদিনীয়া দুৰ্বল ভুমিকাক প্ৰতিফলিত কৰি আহিছে৷