PR NEWS ASSAM :আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি নাজিৰাত অসম গণ পৰিষদয়ে ইতিমধ্যে সংগঠনিক কার্যকলাপ দ্ৰুতগতিত আৰম্ভ কৰিছে। দলটোৰ ভিতৰত নতুনমুখ, যুৱ নেতৃত্ব আৰু সমাজমুখী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত নাজিৰাত প্ৰাৰ্থীত্বৰ সম্ভাৱনীয় দৌৰত তীব্ৰতা লাভ কৰিছে যুৱ অধিবক্তা পংকজ মহন্তৰ নাম৷যুৱ অধিবক্তাজনে সাম্প্ৰতিক সময়ত নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাজনৈতিক, সামাজিক লগতে বিনামূলীয়া আইনী সজাগতা কাৰ্যসূচী আগবঢ়াই জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। বিশেষকৈ যুৱ সমাজৰ সৈতে তেওঁৰ ঘনিষ্ঠ সংযোগ আৰু সমস্যাৰ স্থলীয় সমাধানৰ বাবে সক্ৰিয় ভূমিকা দলীয় মহলতো ইতিবাচক ধ্বনি সৃষ্টি কৰিছে। এইবাৰ দলটিয়ে নাজিৰাত সক্ষম, শিক্ষিত আৰু পৰিচ্ছন্ন প্ৰতিচ্ছবি থকা প্ৰাৰ্থীক আগবঢ়াবলৈ চেষ্টা কৰিছে। সেইদিশৰ পৰা পংকজ মহন্তৰ নামটো বেছি আলোচিত হৈ উঠিছে। যদিও শেষ সিদ্ধান্ত ল’ব দলীয় উদ্ধতম নেতৃত্বই, তথাপিও সমষ্টিৰ ৰাজনৈতিক বৃত্তত তেওঁৰ প্ৰাৰ্থীত্বক অত্যন্ত সম্ভাৱনাময় বুলি গণ্য কৰা হৈছে।আগন্তুক দিনত দলীয় বৈঠক আৰু বিবিধ কাৰ্যসূচীৰ লগতে স্থানীয় ৰাইজৰ মতামত সংগ্ৰহ কৰি অগপই নাজিৰাৰ বাবে ‘উপযুক্ত মুখ’ নিৰ্বাচন কৰিব বুলি জানিব পৰা গৈছে। নাজিৰাৰ ৰাজনৈতিক ক্ষেত্ৰত এতিয়া নতুন উন্মাদনা সৃষ্টি হোৱাৰ লগতে পংকজ মহন্তৰ সক্ৰিয়তা আগন্তুক নিৰ্বাচনলৈ নতুন গতি আনিছে।তদুপৰি মিত্ৰদল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিগত নিৰ্বাচনসমূহত ৬ বাৰকৈ পৰাজয় বৰণ কৰাৰ বিপৰীতে নাজিৰা বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ১ বাৰ আৰু অগপৰ সমৰ্থনত পুণৰ ১ বাৰ প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম হৈছিল কংগ্ৰেছৰ দুৰ্গখ্যাত নাজিৰাত ৷
নাজিৰাত অসম গণ পৰিষদৰ নিৰ্বাচনী কুছকাৱাজ: প্ৰাৰ্থীত্বৰ দৌৰত যুৱ নেতা ৷
