নাজিৰা সমজিলাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস ৷

PR NEWS ASSAM নাজিৰা, ২০ নৱেম্বৰ: অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, নিয়োগ আৰু উদ্যোগীকৰণ, পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাই আজি নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ বহু কেইটা উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে।প্ৰকল্প সমূহ শুভ উদ্বোধন কৰি তেখেতে কয় যে, “নাজিৰা আৰু শিমলুগুৰি পৌৰসভাই পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা ৰূপায়ণ কৰা আৰু হাতত লোৱা আঁচনিসমূহে ঐতিহ্যবাহী নগৰখনৰ সর্বাংগীণ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।”

উক্ত অনুষ্ঠানত নাজিৰা সমজিলাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, ভা: প্ৰ: সে:,নাজিৰা তথা শিমলুগুৰি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া দিব্যা সোনাৰ, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ পৌৰপতি বৰ্ণালী চেতিয়া আৰু কবিতা মেচ, টাই-আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই,বিজেপিৰ শিৱসাগৰ জিলা সভাপতি বিতোপন ৰাইদঙীয়া, অসম চৰকাৰৰ ক্রীড়া কর্তৃপক্ষৰ উপাধ্যক্ষ শ্ৰীলক্ষ্য কোঁৱৰ, সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।