PR NEWS ASSAM নাজিৰা, ১৬ নৱেম্বৰ: নাজিৰা তথ্য আৰু জনসংযোগ বিভাগ আৰু নাজিৰা প্ৰেছ ক্লাবৰ উদ্যোগত তথা নাজিৰা সাংবাদিক মঞ্চ আৰু নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত নাজিৰা এম.চি ক্লাবত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে স্বাধীন, দ্বায়িত্বশীল আৰু নিৰ্ভীকতাৰে সাংবাদিকতা কৰি নিজৰ প্ৰাণ আহুতি দিয়া সমূহ সংবাদকৰ্মীক সুৱঁৰি স্মৃতি তৰ্পন অনুষ্ঠিত কৰা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থকা নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক বুলু চেতিয়া, প্ৰকাশ বৰঠাকুৰ, নাজিৰা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিদ্যানন্দ বৰকাকতী, নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁই, গড়গাওঁ মহাবিদ্যালয়ৰ বাণিজ্য আৰু ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ক্ৰমে ড° অনিল তাঁতী আৰু ড° জিতু শইকীয়া আৰু বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসপ্ৰাপ্ত অধ্যক্ষ দিলীপ ফুকনক সম্বৰ্ধনা জনোৱা হয়। লগতে দিলীপ দাস আৰু তেওঁৰ সংগী বৃন্দই ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ গীতেৰে সভাৰ শুভাৰম্ভণি কৰে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবাৰৰ বিষয়বস্তু “বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান”ৰ ওপৰত নিজৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিদ্যানন্দ বৰকাকতীয়ে। তেখেতে নিজৰ বক্তব্যত, এখন সবল আৰু শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত সাংবাদিক সকলৰ সত্যনিষ্ঠ তথা শুদ্ধ বাতৰি পৰিবেশনৰ কিমান গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেই বিষয়ে এক সাৰুৱা ভাষণ প্ৰদান কৰে।উক্ত অনুষ্ঠানতে নাজিৰা তথ্য আৰু জনসংযোগ বিভাগ, নাজিৰা প্ৰেছ ক্লাব আৰু নাজিৰা সাংবাদিক মঞ্চই নাজিৰাৰ তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে বুলু চেতিয়া, প্ৰকাশ বৰঠাকুৰ আৰু প্ৰশান্ত শইকীয়াক একোখনকৈ গামোচা, গ্ৰন্থ আৰু সম্বৰ্ধনা পত্ৰ আগবঢ়ায়।অনুষ্ঠানত উপস্থিত থকা, নাজিৰা সমজিলাৰ সাংবাদিক সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত বহু কেইটা গীত পৰিৱেশন কৰে ৰূপম দেওঘৰিয়াই। অনুষ্ঠানত নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্ত অৰুণাভ সোণোৱাল, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচ, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাংগঠনিক সম্পাদক শৈলেন কলিতা, বিশিষ্ট লেখিকা তথা স্বৰাজ অকাডেমিৰ অধ্যক্ষ অসমী গগৈ,শঙ্কৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য গোপাল বৰুৱাকে প্ৰমুখ্য বহু বিশিষ্ট ব্যক্তি আৰু নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকল উপস্থিত থাকে৷
নাজিৰা সমজিলাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন —
