PR NEWS ASSAM, ৫ নৱেম্বৰ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত দিনটোজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি ইতিপূৰ্বে বিগত ৮ ছেপ্টেম্বৰত তেখেতৰ জন্মবাৰ্ষিকী অনুষ্ঠানত পৰিৱেশন কৰা গীতৰ মেডলীটোৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাই, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচ। ইয়াৰ লগতে ভূপেন হাজৰিকা দেৱৰ আত্মীয় অজিত হাজৰিকাও আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে। উক্ত অনুষ্ঠানত নাজিৰা সমজিলাৰ নবীন-প্ৰবীণ শিল্পী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, সংবাদ কৰ্মী আৰু গৰিষ্ঠ সংখ্যক সংস্কৃতিপ্ৰেমী জনগণেকে সাঙুৰি প্ৰায় ৫০০ ৰো অধিক লোকে মানৱশৃংখল সৃষ্টিৰে সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰে।
নাজিৰা সমজিলাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন
