নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত স্বজন-তোষণৰ বলি জনসাধাৰণ ৷

PR NEWS ASSAM : ৰাজ্যৰ মুখ্যমন্ত্ৰীড° হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক মাটি-বাৰীৰ কামকাজৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে সকাহ দিয়াৰ ঘোষণা আৰু প্ৰচেষ্টাক বাৰে প্ৰতি প্ৰতিহত কৰাত কাৰ্যত প্ৰমাণ কৰি আহিছে নাজিৰা ৰাজহ চক্ৰৰ  একাংশ কৰ্মচাৰীয়ে ৷এইক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াগৰাকী সৱল ভুমিকাৰ অভাৱে জনসাধাৰণৰ আবেদন কাম-কাজসমুহ লেহেমীয়া গতি কৰিছে৷জানিব পৰামতে মাটিৰ নামজাৰি আবেদন,উত্তৰাধিকাৰী নামজাৰি,ভাগবটোৱাৰা আদিত চৰকাৰীভাৱে নিদিষ্ট কৰা সেৱা পোৱাৰ ধাৰ্য্য দিনৰ ভিতৰত হৈ নুঠে ৷লগতে বিভিন্ন অজুহাতত আবেদনকৰ্তাক হাৰাশাস্তি কৰাৰো অভিযোগ পোৱা গৈছে ৷তদুপৰি কিছু আবেদনকৰ্তাৰ আবেদনত বিভিন্ন ভুলৰ অজুহাত দেখুওৱাই কাম নকৰাৰ লগতে বহু পিছত কৰা আবেদন পূৰ্বৰ আবেদনতৈ আগতে কৰি সেৱা আগবঢ়াই জনসাধাৰণক স্বজন-তোষণৰ দৰে কাম কৰি অহাটো পৰিলক্ষিত হৈছে ৷জনসাধাৰণৰ বিভিন্ন কাম কাজ আদিৰ আবেদন কৰাৰ সেৱা দিয়াৰ সুব্যৱস্থা আজিলৈকে কৰা হোৱা নাই নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য়ালয়লত থকা জনসেৱা কেন্দ্ৰত৷ভূ- নক্সা,মাটি জোখ-মাপ কৰা আদি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত একাংশ লাট-মণ্ডলে জনসাধাৰণক হাৰাশাস্তি কৰি আহিছে ৷ৰাজহ বিভাগৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ঘোষণাক অংগুষ্ঠ প্ৰৰ্দশন কৰি কাৰ্যালয়ত দালালৰ উপদ্ৰৱ ক্ৰমাৎ বাঢ়ি আহিছে৷ কাৰ আশীৰ্বাদত এনে কাম কৰিবলৈ সাহস পাইছে সি চিন্তনীয় বিষয়ৰুপে পৰিগণিত হৈছে৷চৰকাৰী বেতনলৈ জনসাধাৰণৰ কামত বিধি পথালি দিয়া বিষয়াা কৰ্মচাৰীক কোনে নিয়ন্ত্ৰণ কৰিব,সিহে অতি লক্ষ্যণীয় বিষয় হিচাবে প্ৰতিফলিত হৈছে৷একেডোখৰ মাটিৰ নামজাৰি আবেদন নাকচ কৰি পুণৰ বিসংগতিৰ থকাৰ পাছতো সেই মাটি নামজাৰি কেনেদৰে হয় তাক লৈ সন্দেহৰ সৃষ্টি হৈছে ৷