নিউজ ডেস্ক PR NEWS ASSAM
গোলাঘাট জিলাৰ খুমটাইৰ বিভিন্ন অঞ্চলত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ চুড়ান্ত উপদ্ৰৱ। খুমটাইৰ ৫/৬ খন গাঁৱত কেইবাদিনৰ পৰা অৱস্থান কৰি থকা ৭০/৮০ জনীয়া এটা বৃহৎ বন্যহস্তিৰ জাকে নিদ্ৰা হৰণ কৰিছে গঞাৰ ৷ হাতীৰ জাকটোৱে খুমটাইৰ লেটেকুচাপৰি,চুঙীহোলা,গান্ধীগাঁও,বগৰিয়নী,ওৰাঙতলী আদি অঞ্চলৰ ৰাইজক নানান উপদ্ৰৱ চলাই অস্বস্তিত পেলাইছে ৷ মণ্ডল কাঠনি নামৰ এখন বৃহৎ কাঠনিত অৱস্থান কৰি থকা বন্যহস্তিৰ জাকটোৱে গাঁওকেইখনৰ আঘোণমহীয়া পথাৰত দিনদুপৰতে অবাধ বিচৰণে যথেষ্ট অসুবিধাত পেলাইছে কৃষক ৰাইজক। একেখন পথাৰতে দাৱনীয়ে ধান দাই থকাৰ কাষতে হাতীয়ে ধান খাই থকা Exclusive দৃশ্য বন্দী হ’ল আমাৰ কেমেৰাত ৷ দাৱনীৰ কাষতেই ধান খাই থকা বন্যহস্তিক খেদিবলৈ চেষ্টা কৰিছে পুৰুষসকলে ৷ হেপাঁহৰ পথাৰডৰাত ধান কাটিবলৈ বাকী থাকোতেই শ শ বিঘা ধাননিত এতিয়া দিনতেই বনৰীয়া হাতীয়ে বিচৰণ কৰি খেতি তহিলং কৰাত বিপাঙত পৰিছে স্থানীয় কৃষক সকল। ইফালে বিগত কেইবাদিনৰ পৰা খুমটাইৰ সমীপৱৰ্তী কেইবাখনো গাঁৱত বন্যহস্তীয়ে দিন-ৰাতিয়ে চলোৱা সন্ত্ৰাসক কেন্দ্ৰ কৰি এতিয়া চৰম শংকা আৰু নিৰাপত্তাহীনতাৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে গঞাঁ ৰাইজে। বনবিভাগৰ লোক উপস্থিত হৈছে যদিও হাতী জাকটো খেদি পঠিয়াবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ একাংশ লোকে পাহাৰ কাটি ধ্বংস কৰাৰ বাবে বন্যহস্তি গাঁও অঞ্চললৈ আহিবই বুলিহে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে বনকৰ্মীয়ে ৷ হাতীৰ জাকটো খেদিবলৈ ব্যৰ্থ হোৱা বন বিভাগৰ লোকৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰা কৰিছে উপদ্ৰৱৰ সন্মুখীন হোৱা গাঁৱকেইখনৰ ভুক্তভুুগী কৃৃৃষক ৰাইজে।

