তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনঃ ঢোলে-ডগৰে নাচি-বাগি অগপৰ ব্যাপক নির্বাচনী প্ৰচাৰ৷

নিউজ ডেস্ক PR NEWS ASSAM

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে। বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত ১৯ নং বৰচিলা  সমষ্টিৰ অগপৰ মনোনীত প্ৰাৰ্থী চম্পেশ্বৰ বৰদলৈয়ে বৃহৎ বাইক ৰেলীৰে নির্বাচনী প্ৰচাৰ চলায়৷ বাইক ৰেলীৰে গোসাঁইখন্দাৰ পৰা কুঁজিসত্ৰৰ-বৰচিলা, গাখজুৱা, দলংঘাট পাকঘালি আদি কৰি সমষ্টিটোৰ বিভিন্ন গাওঁ পৰিভ্ৰমণ কৰি  অগপ-বিজেপি কৰ্মীসকলক লগত লৈ ঢোলে-ডগৰে তিৱা পৰিষদীয় নিৰ্বাচনত হাতীৰ ছবিত ভোট দিবলৈ অনুৰোধ জনায়।