নাজিৰাত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা, বুথ  সভাৰ আয়োজন৷

 

PR NEWS ASSAM :ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নাজিৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ কৰ্মীসকলে নাজিৰা নগৰৰ ২৪ নং বুথৰ ১ নং ৱাৰ্ড বৰবৰুৱা পঞ্চায়তৰ ৩৬ নং বুথৰ ৪ নং ৱাৰ্ড বৰাহীবাৰী পঞ্চায়তৰ ২০৮ নং বুথৰ ৮, ৯ আৰু ১০ নং ৱাৰ্ডবৰবাম পঞ্চায়তৰ ১৫২ নং বুথৰ ২ আৰু ৩ নং ৱাৰ্ড লালিম চাপৰি পঞ্চায়তৰ ১৭৪ নং বুথৰ ৫ নং ৱাৰ্ড বৰুৱাআলি পঞ্চায়তৰ ২১৪ নং বুথৰ ১ নং ৱাৰ্ড মেকিপুৰ পঞ্চায়তৰ ৪৯ নং বুথৰ ১০ নং ৱাৰ্ডত আমাৰ  বুথ আমাৰ দাবী শীৰ্ষক কাৰ্যসূচীৰ অন্তৰ্গত কেইবাখনো গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে৷এই সভাসমূহত দলৰ সাংগঠনিক স্তৰ অধিক মজবুত কৰাৰ দিশত আৰু বুথ-স্তৰৰ সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে লগতে স্থানীয় সমস্যা, ৰাইজৰ দৈনন্দিন জীৱনৰ লগত জড়িত সমস্যাবোৰ, আৰু তেওঁলোকৰ দাবীসমূহক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ মত-বিনিময় কৰে৷তদুপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা আৰম্ভ কৰা www.assamjustice.com পৰ্টেলৰ জৰিয়তে উপস্থিত ৰাইজৰ সমস্যাবোৰৰ অনলাইন পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা হয়, যাৰ জৰিয়তে সমস্যাসমূহৰ সঠিক সন্ধান আৰু সমাধান সম্ভৱৰ ব্যৱস্থা কৰা হৈছে৷দলৰ সকলো স্তৰৰ কৰ্মীসকলৰ সক্ৰিয় কৰাৰ প্ৰয়াস চলাইছে সমষ্টি পুণ নিদ্ধাৰণ পাছতেই নাজিৰাৰ বিধায়ক তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই৷ আগন্তুক দিনত সমষ্টিবাসীৰ কেনেদৰে সহাঁৰি পাব সি হে লক্ষণীয় হ’ব ৷