কৃষি আইন’ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৃষক সংগঠনৰ৷

নিউজ ডেস্ক PR NEWS ASSAM

ভাৰতীয় কৃষক সংগঠন ‘ভানু গুট’ৰ ফালৰ পৰা বিতৰ্কিত ৩ কৃষি আইন খাৰিজৰ অনুৰোধেৰে উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছে। অধিবক্তা এপি সিঙে যোগেদি উক্ত আবেদন দাখিল কৰিছে। উক্ত আবেদনত কৃষি আইনক অসংবিধানিক আখ্যা দি খাৰিজৰ অনুৰোধ কৰা হৈছে।উল্লেখ‍্য যে তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত অস্থিৰ হৈ আছে দিল্লীৰ পৰিৱেশ৷ ইতিমধ্যে কৃষক সংগঠন-চৰকাৰৰ বৈঠকৰ পিছত বৈঠক ব্যৰ্থ হৈছে৷ স্বাভাৱিকতে এনে পৰিস্থিতিত প্ৰত‍্যাহ্বানৰ মুখত পৰিছে কেন্দ্ৰীয় চৰকাৰ৷