নিউজ ডেস্ক PR NEWS ASSAMঃ
অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা আচঁনি‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত বিনামূলীয়াকৈ পাচঁ হাজাৰ হাঁহৰ পোৱালী আৰু বিশ্ব বেঙ্কৰ অধীনষ্ঠ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ আচঁনিৰ অধীনত গাহৰি পোৱালী বিতৰণ কৰা হয়৷এই উদ্দেশ্যে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হ’ব৷

