নাজিৰা ২২ জুন: অ’এনজিচি আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে (অ’এনজিচি) আৰডিএচ ১৪৭ ক ত কূপ নিয়ন্ত্ৰণ অভিযানত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। গেছৰ প্ৰবাহৰ হাৰ যথেষ্ট হ্ৰাস পোৱাটো নিয়ন্ত্ৰণ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে বিবেচিত হৈছে।কালি ঘটনাস্থলীত উপস্থিত হোৱা আমেৰিকাৰ কুপ চাপ নিয়ন্ত্ৰণৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ দলটোৱে পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ন কৰি অ’ এন জি চিৰ দলসমূহে এতিয়ালৈকে গ্ৰহণ কৰা সকলো পদক্ষেপৰ পৰ্যালোচনা কৰিছে। বৰ্তমানলৈকে চলোৱা কৌশল আৰু কাৰ্যাৱলীৰ সৈতে বিশেষজ্ঞসকলে সন্মতি প্ৰকাশ কৰি কূপটো নিৰাপদে পৰিচালনাৰ বাবে অ’এনজিচিৰ পদ্ধতিৰ ফলপ্ৰসূতাক পুনৰ নিশ্চিত কৰিছে।যৌথভাৱে প্ৰস্তুত কৰা ফৰৱাৰ্ড প্লেনৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যাৱলীৰ সুবিধাৰ বাবে উক্ত স্থানত ব্যাপক প্ৰস্তুতি চলি আছে। কূপটোৰ পৰা ‘টিউবলাৰ’ আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৰিগ ফ্লৰৰ পৰা টিউবিং আঁতৰোৱাৰ বাবে ক্ৰেনৰ ব্যৱস্থা কৰা হৈছে।সুৰক্ষাৰ মূল ব্যৱস্থা হিচাপে ‘ৱাটাৰ ব্লেংকেটিং’ দিনে-নিশাই অব্যাহত আছে। তদুপৰি সকলো কামকাজ যাতে পৰিৱেশ আৰু সুৰক্ষা বিধিমতে চলি থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি নিকটৱৰ্তী দিখৌ নৈৰ বানপানীৰ স্তৰ নিৰীক্ষণ কৰি থকা হৈছে।অ’এনজিচিয়ে সুৰক্ষা নিশ্চিত কৰিবলৈ কূপ স্থানৰ চাৰিওফালে থকা বায়ুৰ নিম্ন বিস্ফোৰক সীমা (এল ই এল)ৰ মাত্ৰা ‘ৰিয়েল-টাইম গেছ ডিটেক্টৰৰ’ জৰিয়তে অহৰহ নিৰীক্ষণ কৰি আছে। সাহায্য শিবিৰত প্ৰয়োজন হোৱা সকলোৰে সহায়ৰ বাবে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে।কূপটোক অতি সোনকালে সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অ’এনজিচিয়ে সুৰক্ষা আৰু কাৰ্যকৰী উৎকৰ্ষতাৰ উচ্চতম মান নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি বিভাগীয় কতৃপক্ষই এক প্ৰেছ বাৰ্তা যোগে সদৰি কৰিছে৷
আৰ ডি এচ ১৪৭ ক ত কূপ নিয়ন্ত্ৰণ অভিযানত উল্লেখযোগ্য অগ্ৰগতি অ’এনজিচিৰ ৷
