PR NEWS ASSAM :
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বছৰ উদযাপনৰ বাবে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশস্বৰূপে মহাৰত্ন প্ৰতিষ্ঠান অ’এনজিচিয়ে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) পদক্ষেপৰ অধীনত চাৰিখন ৰাজ্য ঝাৰখণ্ড, অসম, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰ ৭৫টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উন্নীতকৰণৰ বাবে সহযোগিতা আগবঢ়াইছে। সুস্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শৈক্ষিক মান সুনিশ্চিত কৰাৰ বাবে এই উন্নত কেন্দ্ৰসমূহত আধুনিক আৰু বহনক্ষম সুবিধাৰ ব্যৱস্থা কৰা হৈছে। অসমৰ শিৱসাগৰ, যোৰহাট আৰু কাছাৰত থকা এনেধৰণৰ ২৮টা কেন্দ্ৰৰ প্ৰতিটোতে স্মাৰ্ট টিভি, পেন ড্ৰাইভ, শৈক্ষিক আৰু সজাগতামূলক বিষয়বস্তু সম্বলিত ব্লুটুথ স্পীকাৰ প্ৰদান কৰা হৈছে। এই ডিজিটেল সামগ্ৰীসমূহে অংগনৱাড়ী কৰ্মীসকলক চৰকাৰী আঁচনিসমূহৰ লগতে প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱৰ পাছত ল’বলগীয়া যতনৰ বিষয়ে অধিক ফলপ্ৰসূভাৱে প্ৰচাৰ কৰাত সক্ষম কৰি তুলিছে। বৰ্তমান সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠা এই উন্নত অংগনৱাড়ী কেন্দ্ৰসমূহ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে। এই কেন্দ্ৰসমূহ ৬ বছৰ পৰ্যন্ত বয়সৰ শিশুৰ সামগ্ৰিক বৃদ্ধি আৰু বিকাশৰ লগতে গৰ্ভৱতী আৰু দুগ্ধপান কৰা মাতৃৰ যতন তথা সমাজৰ হিতৰ বাবে গঢ়ি তোলা হৈছে। ৫ কোটি টকাৰ ব্যয়সাপেক্ষ এই প্ৰকল্পটো চিটিজেনছ্ ফাউণ্ডেশ্বনে ৰূপায়ণ কৰিছে। অলপতে শিৱসাগৰত আনুষ্ঠানিকভাৱে হস্তান্তৰ পৰ্ব অনুষ্ঠিত হৈ যায়। অ’এনজিচি, অসম সম্পদৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী জিজিএম ৰিজৱানা নাকভি আৰু শিৱসাগৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া (চিডিপিঅ’) এই অনুষ্ঠানত উপস্থিত থাকে। সহযোগিতামূলক, সমাজকেন্দ্ৰিক আৰু অভিনৱ চিএছআৰ কাৰ্যসূচীয়ে কিদৰে তৃণমূল পৰ্যায়ত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে তাক এক উৎকৃষ্ট উদাহৰণ হিচাপে এই প্ৰকল্প পৰিগণিত হৈছে।