নাজিৰাত কংগ্ৰেছৰ দুৰ্গ খহাই বিজেপি মিত্ৰজোটৰ ৪ জিলা পৰিষদ দখল৷দেৱব্ৰত শইকীয়াৰ ভৱিষ্যত সন্দিহান ৷

PR NEWS ASSAM ১৩ মে’: অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়া আধিপত্যক ধুলিৎসাত কৰি নাজিৰাত কংগ্ৰেছৰ দুৰ্গ খহাই বিজেপি মিত্ৰজোটে সমষ্টিটোৰ অন্তৰ্গত ৪ খন জিলা পৰিষদত বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ফলাফলনুসৰি ৯ নং আমগুৰি জিলা পৰিষদত বিজেপি প্ৰাৰ্থী জিনিতা চাহুৱে লাভ কৰে ১২১০৩ টা ভোটৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সৰুমন মেহেৰাই লাভ কৰে ৮৬২২ টা ভোট৷১০ নং আঠখেল জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী মৌচুমী গগৈয়ে লাভ কৰে ১৩২৭২ টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী মনালিছা বৰুৱাই ভোট লাভ কৰে ৯৮২৮ টা৷ ১১ নং নাজিৰা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী মামু পাটৰ গগৈয়ে ভোট লাভ কৰে ১৬৪৫২ আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী মিনাক্ষী বৰগোহাঁইয়ে লাভ কৰে ১০৩০৪ টা ৷ ১২ নং চুকাফা জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী ৰুবী সন্দিকৈ বড়াই ভোট লাভ কৰে ১৫৬৫১ টা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী টুলুমণি বড়া কোৱঁৰে লাভ কৰে ১১৯৪৯ টা ভোট ৷বৃহৎ ব্যৱধানত বিজেপি মিত্ৰজোটৰ এনে অভূতপূৰ্ব বিজয়ে স্বাভাৱিকতে কংগ্ৰেছৰ দুুৰ্গক তছনচ কৰি আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত যে কংগ্ৰেছৰ বাবে সহজ নহ’ব আৰু বিজেপি মিত্ৰজোটৰ এনে ফলাফলৰ পাছত নাজিৰাত যে অনাগত দিনত ৰাজনীতিৰ সমীকৰণ সলনি হোৱাৰ এক ইংগিত তাকেই এই নিৰ্বাচনে স্পষ্ট কৰিছে৷