শিৱসাগৰ নবোদয় বিদ্যালয়ত উত্তৰ পূর্বাঞ্চলৰ ১৯ বছৰ অনুৰ্ধৰ জুডোৰ ৰথী মহাৰথী ৷

PR NEWS ASSAM : নাজিৰাত  উন্নত মানদণ্ডৰ শিক্ষাৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বিভিন্ন ক্রিয়া-কলাপৰ বাবে নবোদয় বিদ্যালয় দেশতেই  বিখ্যাত। শ্বিলং মাণ্ডলিক কার্যালয়ৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ বিভিন্ন নবোদয় বিদ্যালয়ত  প্রতিযোগিতাৰ মাধ্যমেৰে বিভিন্ন খেলৰ নিপুণ খেলুৱৈক বাচনি কৰি ৰাষ্ট্রীয় পর্যায়ৰ  প্রতিযোগী  নির্বাচন কৰা হয়। ইং ২৭ এপ্রিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্রীয় পর্যায়লৈ জুডো  আৰু ৰ’প স্কিপিং খেলৰ খেলুৱৈ নির্বাচনৰ বাবে মাণ্ডলিক প্রতিযোগিতা-২০২৫ অনুষ্ঠিত হয় জৱাহৰ নবোদয় বিদ্যালয় শিৱসাগৰত। এই প্রতিযোগিতাৰ উপলক্ষে অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰষ প্রখ্যাত ক্রীড়া সংগঠক ড. অসীম গগৈ আৰু মুখ্য অতিথি ৰূপত নীলাক্ষী বৰুৱা, শাখা প্রবন্ধক, কানাড়া বেংক নাজিৰা শাখা। এই প্রতিয়োগিতাও অংশ গ্রহণ কৰিবৰ বাবে উত্তৰ পূর্বাঞ্চলৰ আঠোখন ৰাজ্যৰ ২৭ খন জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা সুঠ ১৯৬ জন প্রতিযোগী জুডো খেলৰ ১০২ জন ৰ’প স্কিপিংক ৯৪ জন আহি শিৱসাগৰ নবোদয় বিদ্যালয়ত উপস্থিত হৈছে। প্রতিযোগিতা দুখন পৰিচালনা কৰিবৰ কাবে জিলা ক্রীড়া বিভাগৰ নির্দেশমর্মে ৮ জন ৰেফাৰী বিদ্যালয়ত উপস্থিত হৈছে বুলি বিদ্যালয় কতৃপক্ষই জানিবলৈ দিছে৷ ইতিমধ্যে প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। প্রতিযোগিতাৰ সামৰণি অহা ২৯ এপ্রিল তাৰিখে হ’ব৷