নিউজ ডেস্ক PR NEWS ASSAM
অহা ইং ৮ ডিচেম্বৰত তিনিওখন কৃষক বিৰোধী আইন বাতিলৰ দাবীত এদিনীয়া ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে । ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক এইচ এছ লখৱালে জনোৱা মতে, ৫ ডিচেম্বৰত সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰা হ’ব আৰু ৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু টোলগেটসমূহ অৱৰোধ কৰা হ’ব ৷

