বিৰোধী ঐক্যমঞ্চ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ ৷

PR NEWS ASSAM :

সলনি হ’ল অসম বিৰোধী ঐক্যমঞ্চৰ নাম। এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব বিৰোধী ঐক্যমঞ্চক। আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়েএই নামেৰেই পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা চলাই নিব এই মঞ্চই। ‘অসম’ মিত্ৰজোঁট বা ‘অসম সন্মিলিত মৰ্চা’ হিচাপে পৰিচিত হ’ব পূৰ্বৰ বিৰোধী ঐক্যমঞ্চ, অসম।আগন্তক পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন খেলিব ‘অসম’ মিত্ৰজোঁটে। উপ-নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ‘অসম’ মিত্ৰজোঁটে।