PR NEWS ASSAM, ২৮ মে, ২০২৪: নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাধিপতি আয়ুষী জৈনৰ পৌৰহিত্যত এখন সংবাদ মেল অনুষ্ঠিত হয়। উক্ত সংবাদমেলত মহকুমাধিপতি গৰাকীয়ে ভাৰতীয় নিৰ্বাচনী আয়োগৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা সমূহৰ নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱী সকলক আগন্তুক ইং ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনা অৱলম্বন কৰিবলগীয়া বিষয়ে বিশদভাৱে আলোচনা কৰে। উক্ত সভাত নাজিৰাৰ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত উপস্থিত থাকে। ইতিমধ্যে নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত কটকটীয়া নিৰাপত্তাৰে ষ্টং ৰুমৰ ব্যৱস্থা কৰাৰ লগতে আগন্তুক ভোট গণনা সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে বুলিও সভাত উপস্থিত সাংবাদিকসকলক অৱগত কৰে৷
নাজিৰাত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ সন্দৰ্ভত সংবাদমেল৷
