গড়গাওঁৰ আহোম যুগৰ সম্পদৰ দুৰৱস্থা৷নিমাত দল সংগঠন ৷

PR NEWS ASSAM আহোম সাম্ৰাজ্যৰ ৰাজধানী গড়গাঁওৰ গড় আৰু গড়খাৱৈসমূহৰ দুৰ্দশাজনক ছবিয়ে বাৰুকৈয়ে বিভাগীয় কতৃপক্ষ আৰু জনপ্ৰতিনিধিৰ অকমণ্যতাক উদঙাই দিছে৷ শিৱসাগৰ-সোণাৰি সংযোগী ঘাই পথৰ কাষে কাষে অৱস্থিত গড়গাঁও কাৰেংঘৰলৈ যোৱা মূল পথৰ দাতিত থকা গড়খাৱৈসমুহত হাবি বননি,মেটেকা আদিৰে ভৰি পৰাৰ লগতে একাংশই তাত পেলনীয়া জাবৰ,সামগ্ৰী আদি পেলাই ঐতিহাসিক এলেকাসমূহক ধৱংসৰ মুখলৈ ঠেলি দিছে৷এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰত্নবিভাগৰ লগতে পৰ্যটন সম্ভাৱনাময় এলেকা উন্নয়নত কোনো গুৰুত্ব নিদিয়াতো এক আশ্চৰ্যকৰ বিষয়ৰুপে বিবেচিত হৈছে৷তদুপৰি বিভিন্ন সময়ত দাবী তুলি অহা জনগোষ্ঠীয় সংগঠনসমূহৰ নিৰৱ ভুমিকাও লক্ষ্যণীয় হৈ পৰিছে ৷