PR NEWS ASSAM
নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সৌন্দৰ্যবৰ্ধন কৰি থকা আহোম যুগৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পকী সীমা বেৰা পূৰ্বতে নিৰ্মাণ কৰা হৈছিল যদিও পাছত পুখুৰীটোৰ এটা পাৰ খহি যোৱাত পৰৱৰ্তী সময়ত উক্ত পাৰতো নিৰ্মাণ কৰিছিল যদিও নিৰ্মাণত ঠায়ে-ঠায়ে বহু আসোঁৱাহ ৰৈ যোৱাটো পৰিলক্ষিত হৈছে ৷ বৰ্তমান এনে অৱস্থাত পুণৰ বেছিদিনলৈ অক্ষত অৱস্থাত যে নৰ’ব সি ক্ৰমাৎ স্পষ্ট হৈ পৰিছে ৷তদুপৰি ওচৰতে লাগি থকা মহকুমা আৱৰ্ত ভৱনটো নিৰ্মাণ কৰোতে পূৰ্বতে বহু গাফিলতি তথা বিসংগতি ৰৈ গৈছিল ৷যাৰ ফলত পকী বেৰ, মজিয়াত লগোৱা টাইলছ আৰু মূল ফাউণ্ডেচন ফাট মেলিছিল ৷এনেদৰে নিম্নমানৰ কামৰ নমুনা আৰু ঠিকাদাৰৰ মইমতালিক নজৰ নিদিয়া প্ৰশাসন তথা বিভাগীয় দায়িত্বশীল বিষয়াৰ কাণ্ডই যে চৰকাৰী ধনৰ যে অপচয় কৰিছে সি এক প্ৰকাৰ নিশ্চিত ৷

