শিৱসাগৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷প্ৰায় ১৫ হাজাৰৰো অধিক লোকৰ সমাগম ৷

News Desk PR NEWS ASSAM ঃ শিৱসাগৰ জিলাৰ পুৰণি আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত জাঁজীৰ ড° হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰায় ১৫ হাজাৰৰো অধিক লোকৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ এক বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে ৷অসম গণ পৰিষদ দলৰ শক্তিশালী সংগঠন থকা তথা আমগুৰিৰ বিধায়কৰ সবল গণভিত্তি থকা বিধায়ক প্ৰদীপ হাজৰিকাৰ উপস্থিতিত উক্ত সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ পল্লৱ লোচন দাস ,কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাকে ধৰি অগপ-বিজেপিৰ কেন্দ্ৰীয়, জিলা আৰু বিধানসভা সমষ্টিৰ পৰ্যায়ৰ নেতা-কৰ্মীসকলে৷ সভাত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক তুলা-ধূনা দি কয় যে গৌৰৱে কলিয়াবৰত কি ৰাইজৰ উন্নয়ন কৰিলে ,তেওঁ সংসদত চিঞৰি অসমৰ কোনটো সমস্যা সমাধান কৰিলে বা ৰাজ্যলৈ কি আনিলে ৷বিগত সময়ছোৱাত সাংসদ তপন গগৈয়ে যোৰহাট লোকসভাৰ বহু উন্নয়ন কৰিলে বুুলি উল্লেখ কৰে ৷ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ,শিৱসাগৰ,ডিমৌত মেডিকেল কলেজ হস্পিতাল,চৰাইদেউত ,অসমৰ শৌৰ্য্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক দিল্লীত প্ৰতিষ্ঠা কৰা,যোৰহাটত লাচিতৰ বিশাল প্ৰতিমূৰ্তি স্থাপন,চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাবে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আৰু বহু থলুৱা লোকৰ উন্নয়নত প্ৰচেষ্টা আদিৰ কথা ভাষণত উল্লেখ কৰে ৷তদুপৰি সাংসদজন উদ্যোগত অসম মালা আচনিৰ সহায়ত ৰাষ্টা-ঘাটৰ উন্নয়ন কৰাত ৰাজ্য চৰকাৰৰ সহজ হৈছে বুলিও কয়৷